# ২০১৯-২০ বৰ্ষৰ বাজেটত ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকলৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হয়৷ খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে ১০০ কোটি টকাৰ পুঁজি আৱণ্টনৰ বিষয়ে ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ খিলঞ্জীয়া মুছলমানৰ বাবে উন্নয়ন নিগম গঠনৰ প্ৰস্তাৱৰ বিষয়েও উল্লেখ কৰে মন্ত্ৰী শৰ্মাই৷ আনহাতে, সংখ্যালঘু সম্প্ৰদায়ৰ কন্যা সন্তানলৈ জলপানি প্ৰদানৰ আঁচনিৰ বিষয়েও উল্লেখ কৰে৷
# অসমীয়া যুৱক-যুৱতীক নিযুক্তি দিয়া ৰাজ্যৰ উদ্যোগসমূহলৈ সাহায্য প্ৰদানৰ বিষয়ে বাজেট ভাষণত ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে৷ প্ৰতিগৰাকী যুৱক-যুৱতীৰ বিপৰীতে ১০ হাজাৰ টকাকৈ উদগনিমূলক সাহায্য দিয়াৰ বিষয়ে ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে৷
# ৰাজ্যৰ দিব্যাংগসকলৰ বাবে বাজেট ভাষণত আৰ্থিক সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ অধীনত প্ৰতিগৰাকী দিব্যাংগই পাব মাহিলি ১ হাজাৰ টকাকৈ৷ ৰাজ্যৰ ১.১৫ লাখ দিব্যাংগ এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব৷
# বাজেট ভাষণত ৰাজ্যৰ শৈক্ষিক ব্যৱস্থা সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অসমৰ সকলো বিদ্যালয়তে নৱম-দশম শ্ৰেণীলৈ অসমীয়া বিষয়টো বাধ্যতামূলক বুলি ঘোষণা কৰে শৰ্মাই৷ অৱশ্যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাসমূহত এইটো বাধ্যতামূলক নহয়৷
# ৰাজ্যৰ ১২৬টা সমষ্টিৰ প্ৰতিটোতে দুখনকৈ আদৰ্শ গাঁও স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে৷
# বৰাক উপত্যকাত স্বামী বিবেকানন্দৰ নামত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ বিষয়ে ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আৰ্হিত ৰাজ্যিক নাট্য বিদ্যালয় স্থাপনৰো ঘোষণা কৰা হয়৷
# বিহপুৰীয়াত ভীমবৰ দেউৰী সমন্বয় ক্ষেত্ৰ আৰু শদিয়াত সাধনী সমন্বয় ক্ষেত্ৰ নিৰ্মাণৰ বিষয়ে বাজেটত উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে, মাজুলীত সতী ৰাধিকাৰ নামত নিৰ্মাণ কৰা হ'ব সমন্বয় ক্ষেত্ৰ৷ চৰাইদেউত স্বৰ্গদেউ চুকাফা ক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱ দাঙি ধৰে শৰ্মাই৷ দিছপুৰ সচিবালয়ত কুমাৰ ভাস্কৰ বৰ্মা, চাউলুং চুকাফা আৰু কোচ ৰজা নৰনাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপনৰ আঁচনিৰ বিষয়ে উল্লেখ কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চুকাফা আসন প্ৰতিষ্ঠাৰ বিষয়ে অৱগত কৰায় মন্ত্ৰী হিমন্ত বিশ্বই৷
# বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে ডিমা হাচাও জিলাৰ বিভাজন ঘটাই নতুন জিলা গঠনৰ প্ৰস্তাৱ দাঙি ধৰে৷
# ২,১০০ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলং নিৰ্মাণ আৰম্ভ হ'ব বুলি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে৷ এই আঁচনিৰ বাবদ ১৫০ কোটি টকা ইতিমধ্যে গড়কাপ্তানী বিভাগক মুকলি কৰি দিছে বুলি উল্লেখ কৰে৷ অহা ৯ ফেব্ৰুৱাৰীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলংখনৰ আধাৰশিলা স্থাপন কৰিব বুলি তেওঁ অৱগত কৰে৷ উল্লেখ্য যে কুৰুৱা-নাৰেংগী সংযোগী ব্ৰহ্মপুত্ৰ দলঙৰ প্ৰাৰম্ভিক কামো আৰম্ভ হোৱা বুলি বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত উল্লেখ কৰে৷
- Log in to post comments
- 285 views