২০১৯-২০ বৰ্ষৰ বাজেটত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নত প্ৰভূত গুৰুত্ব আৰোপ কৰা হৈছে৷ বাজেটত বিত্তমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নলবাৰী, তিনিচুকীয়া আৰু কোকৰাঝাৰত তিনিখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ আঁচনিৰ বিষয়ে ঘোষণা কৰে৷ প্ৰতিখন জিলাতে স্থাপন হ'ব চৰকাৰী ব্লাড বেংক৷
গহপুৰত নতুন জিএনএম আৰু পেৰামেডিকেল প্ৰতিষ্ঠান স্থাপন কৰা হ'ব৷ অটল অমৃত যোজনাত কেইবাটাও নতুন সুবিধাৰ সংযোজনৰ বিষয়ে উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে৷ আঁচনিখনত আইচিইউ, আঘাতজনিত সমস্যা, শিশুৰ চিকিৎসা তথা অস্ত্ৰোপচাৰৰ সুবিধা সংযোজিত হ'ব৷
- Log in to post comments
- 25 views