অসম বিধানসভাৰ অধিৱেশনৰ আজি চতুৰ্থ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি বিধানসভাত অনুচ্ছেদ ৫ আৰু ৬ৰ ওপৰত আলোচনা বিচাৰিছিল অসম গণ পৰিষদে। কিন্তু অধ্যক্ষই অনুমতি প্ৰদান নকৰাত ক্ষুদ্ধ হৈ অগপ সদস্যসকলে সদন ত্যাগ কৰে।মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ বিৰুদ্ধে খৰ্গহস্ত হয় অগপ সদস্যসকল। পাটোৱাৰীয়ে গণতান্ত্ৰিক প্ৰমূল্যক হত্যা কৰিছে বুলি অভিযোগ কৰে অগপই ।
আনহাতে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাৰদা কেলেংকাৰীত অসমৰ এজন বিজেপি মন্ত্ৰী জড়িত থকা বুলি ৰাজহুৱাকৈ মন্তব্য কৰাৰ সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰে। কিন্ত চৰকাৰী পক্ষই গুৰুত্ব প্ৰদান নকৰাত কংগ্ৰেছ সদস্যসকলে সদন ত্যাগ কৰে।
- Log in to post comments
- 50 views