৪ ফেব্ৰুৱাৰীত বঙাইগাঁৱত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ আয়োজন

৪ ফেব্ৰুৱাৰীত বঙাইগাঁৱত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ আয়োজন

ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে বঙাইগাঁও জিলাতো অহা ৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হ'ব৷ জিলাখনৰ শিশুক পেলুমুক্ত কৰাৰ বাবে এই দিৱস পালন কৰা হ’ব৷ এই অভিযানৰ দ্বাৰা জিলাখনৰ ১-১৯ বছৰৰ মুঠ ২ লাখ শিশু আৰু যুৱক-যুৱতীক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ এই কথা প্ৰকাশ কৰিছে বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীয়ে৷ আজি যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত এখন সংবাদমেলত স্বাস্থ্য সঞ্চালকগৰাকীয়ে কয় যে এই দিৱসত ভূমি সংক্ৰমিত পেলুজনিত ৰোগ ৰোধৰ বাবে সকলো শিশুক এলবেনডেজল প্ৰতিষেধক প্ৰদান কৰা হ’ব।

অহা ৪ ফেব্ৰুৱাৰীত জিলাখনৰ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে এই দিৱসৰ শুভাৰম্ভ কৰিব৷ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সংবাদমেলত তেওঁ আৰু কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সহযোগত জিলা স্বাস্থ্য সমিতিয়ে এই অভিযান ৰূপায়ণ কৰিব৷ আনহাতে, বাদ পৰি যোৱা শিশু তথা শিক্ষাৰ্থীসকলক অহা ১১ ফেব্ৰুৱাৰীত প্ৰতিষেধক প্ৰদান কৰা হ'ব। মুঠ ১,০০১ অংগনবাড়ী কেন্দ্ৰ আৰু ১,৪২৯ বিদ্যালয়ত এই প্ৰতিষেধক প্ৰদান কৰা হ’ব৷ এই অভিযানৰ সফল ৰূপায়ণৰ বাবে প্ৰতিটো ব্লকত মাইকযোগে প্ৰচাৰ কৰাৰ উপৰি বাটৰ নাটযোগেও সজাগতা সৃষ্টি কৰা হ’ব৷

৪ ফেব্ৰুৱাৰীত বঙাইগাঁৱত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ আয়োজন

লগতে প্ৰতিখন বিদ্যালয়ত কাউন্সেলিং কৰা হ’ব৷ অংগনৱাড়ী কেন্দ্ৰত আশাকৰ্মী আৰু এএনএম নাৰ্ছে শিশুসকলক প্ৰতিষেধক প্ৰদান কৰিব। বিদ্যালয়সমূহত প্ৰতিষেধক প্ৰদান কৰিব শিক্ষকসকলে। ইয়াৰ বাবে শিক্ষকসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। চৰকাৰী তথা বেচৰকাৰী বিদ্যালয়ৰ লগতে শিশু শ্ৰমিক আৰু পেলনীয়া বয়-বস্তু বিচাৰি ফুৰা শিশুকো এই অভিযানত সামৰি লোৱা হ'ব বুলিও কয়৷ উল্লেখ্য যে প্ৰতি বছৰে দুবাৰকৈ ফেব্ৰুৱাৰী আৰু আগষ্টত এই দিৱস পালন কৰা হয়। পেলুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত শিশুৰ লগতে যুৱক-যুৱতীসকলো ৰক্তহীনতাকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হয়৷

সমগ্ৰ বিশ্বৰ ১-১৭ বছৰ বয়সৰ ২৮% আৰু ভাৰতৰ ৬৮% লোক পেলুজনিত ৰোগত আক্ৰান্ত হয় বুলিও যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে৷ সংবাদমেলত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ শিশু বিশেষজ্ঞ ডাঃ এম আই আহমেদ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিণুৰাণী ৰাজবংশী আৰু ডি এম ই পম্পী কলিতাও উপস্থিত থাকে৷
 

Your Comments