ৰাজ্য সংবাদ জগতৰ বাবে এক দুখবৰ। জি এল পাব্লিকেছনৰ পৰিচালক সঞ্চালক তথা জ্যেষ্ঠ সাংবাদিক ঘিছালাল আগৰৱালাৰ ( জি এল আগৰৱালা) আজি দেহাৱসান ঘটে। বুধবাৰে গুৱাহাটী লাচিত নগৰস্থিত নিজা বাসভৱনত আবেলি ৪.২৩ বজাত দেহাৱসান ঘটে জ্যেষ্ঠ সাংবাদিক গৰাকীৰ।
১৯৪০ চনৰ ১৯ ছেপ্টেম্বৰত বৰপেটাত জন্ম গ্ৰহণ কৰা জিএল আগৰৱালা মৃত্যু সময়ত বয়স আছিল ৭৯ বছৰ । জ্যেষ্ঠ সাংবাদিক আগৰৱালাদেৱে কৰ্মজীৱন আৰম্ভ কৰিছিল গুৱাহাটীত। গুৱাহাটী মহানগৰীৰ লাচিত নগৰত জিএল নামৰ এটা পাব্লিকেছনৰ জন্ম দি তাৰ অধ্যক্ষ হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰ পাছৰ পৰ্যায়ত জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে জন্ম দিছিল বৰ্তমান অসমৰ এখন অন্যতম জনপ্ৰিয় দৈনিক বাতৰি কাকত "আমাৰ অসম"।
এই কাকতৰ পৰিচালক সম্পাদক তেওঁ নিজেই আছিল। অসমৰ পৰা প্ৰকাশিত জনপ্ৰিয় হিন্দী দৈনিক বাতৰি কাকত "পূৰ্বাঞ্চল প্ৰহৰী"ৰ তেঁও সম্পাদকৰ গুৰু দায়িত্বও পালন কৰিছিল। ইয়াৰ উপৰিও ইংৰাজী বাতৰি কাকত "মেঘালয় গাৰ্ডিয়ানৰ তেওঁ মুখ্যসম্পাদক আছিল। লগতে অসমীয়া বিশ্বকোষ প্ৰকাশনৰ তেওঁ মুখ্য আহ্বায়ক আছিল।এই সমূহৰ উপৰিও জি এল আগৰৱালাই বহু সংখ্যক গ্ৰন্থ, ভ্ৰমণ কাহিনী লিখিথৈ গৈছে।
উল্লেখযোগ্য কথা এই যে জি এল আগৰৱালাদেৱে সাংবাদিক হিচাপে বহুসময়ত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি দেশক প্ৰতিনিধিত্বও কৰিছিল। তাৰ ভিতৰত উল্লেখ যোগ্য ১৯৯২ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰসিংহ ৰাও লগত সাংবাদিক হিচাপে ফ্ৰান্স ভ্ৰমণ কৰিছিল ।
একেদৰে ১৯৯৯ চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী সৈতে জামাইকাত অনুষ্ঠিত জি-১৫ নৱম সন্মিলনত সাংবাদিক হিচাবে অংশগ্ৰহণ কৰিছিল। ইফালে ৬৯ বছৰ বয়সত আজি দেহাৱাসানৰ খবৰ বিয়পি পৰাৰ লগে লগেই অসংখ্য গুণমুগ্ধই তেওঁ নশ্বৰ দেহক শেষ বিদায় জনাবলৈ লাচিত নগৰৰ বাসগৃহত উপস্থিত হয়হি।
ইফালে বৃহস্পতি বাৰে দিনৰ ১১ বজাত লাচিত নগৰ বাসভৱনৰ পৰা তেওঁৰ মৃতদেহ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে প্ৰথমে লাচিত নগৰ হনুমান মন্দিৰ তাৰ পিছত গুৱাহাটী প্ৰেছ ক্লাব, সাহিত্য সভা ভৱনলৈ লৈ যোৱা হ'ব। দুপৰীয়া ১১.৩০ বজাত ৰাজ্যিক মৰ্যদাৰে ভূতনাথ শ্মশানত শেষ কৃত্য সম্পন্ন হ'ব ।
- Log in to post comments
- 22 views