আজি দিল্লীলৈ অগপৰ কেন্দ্ৰীয় দল : 'চিএবি' বিৰোধিতা সন্দৰ্ভত সাক্ষাৎ কৰিব ৰাজ্যসভাৰ সাংসদক 

w

নাগৰিকত্ব সংশোধনী বিধেয়ক(চিএবি)ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে আজি দিল্লীলৈ উৰা মাৰিব অসম গণ পৰিষদৰ এটা কেন্দ্ৰীয় দল। বিধেয়কখনৰ বিৰোধিতা সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যেৰে দলটোৱে দিল্লীলৈ যাত্ৰা কৰিব৷ লগতে তেওঁলোকে বিৰোধী দলসমূহক আহ্বান জনাব যাতে ৰাজ্যসভাত বিধেয়কখন বিজেপিয়ে গৃহীত কৰিব নোৱাৰে।

উল্লেখ্য যে দিল্লীলৈ যাব লগা অসম গণ পৰিষদৰ দলটোত আছে অতুল বৰা, কেশৱ মহন্ত, প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডাঃ কমলা কলিতা, উৎপল কলিতা, প্ৰদীপ হাজৰিকা। আজি সন্ধিয়া দলটো ৰাওনা হ'ব দিল্লীলৈ। দলটোৰ নেতৃত্বত আছে দলৰ সভাপতি অতুল বৰা। উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনত বিজেপি চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা আছে।

Your Comments