এন আৰ চি সন্দৰ্ভত মমতা বেনাৰ্জী- এয়া ২০১৯ৰ নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতি

 এন আৰ চি সন্দৰ্ভত মমতা বেনাৰ্জী- এয়া ২০১৯ৰ নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতি

আজি প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাক কেন্দ্ৰ কৰি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া৷ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে মমতাই এয়া ২০১৯ৰ নিৰ্বাচনক আগত ৰাখি কৰা ৰাজনীতি হিচাপে মন্তব্য আগবঢ়াইছে৷

আনহাতে, এন আৰ চিত বঙালীসকলক মুখ্যত টাৰ্গেট কৰি লোৱা হৈছে বুলিও মমতাই গুৰুতৰ অভিযোগ আনিছে৷ ৪০ লক্ষাধিক লোকৰ নাম চূড়ান্ত তালিকাৰ পৰা বাদ পৰাৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ লগতে উল্লেখ কৰে যে এয়া কোনো হিন্দু বা মুছলমানৰ কথা নহয়, এয়া হৈছে বঙালীৰ প্ৰতি কৰা পৰিকল্পিত ষড়যন্ত্ৰ৷ উল্লেখ্য যে এন আৰ চিৰ চূড়ান্ত খচৰাৰ বিষয়টো আজি বিৰোধী দল তৃণমূল কংগ্ৰেছে সদনত উত্থাপন কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ হিচাপে গৃহমন্ত্ৰী ৰাজনাথ সিঙে এয়া উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলা এক প্ৰক্ৰিয়া আৰু এই ক্ষেত্ৰত কাৰো হস্তক্ষেপ নাই বুলি স্পষ্ট কৰি দিয়ে৷ গোটেই বিষয়টো সন্দৰ্ভত যদি সুবিধা দিয়ে গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব বুলিও মমতা বেনাৰ্জীয়ে লগতে উল্লেখ কৰে৷

Your Comments