ভূপেন হাজৰিকাক লৈ কোনো বিবাদ হোৱাটো আমি নিবিচাৰো : ৰিপুণ বৰা

ভূপেন হাজৰিকাক লৈ কোনো বিবাদ হোৱাটো আমি নিবিচাৰো : ৰিপুণ বৰা

'সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াইও এটা সময়ত আছুৰ নেতা হৈ থাকোঁতে ক'লা পতাকা প্ৰদৰ্শন কৰিছিল৷ তেওঁলোকেতো ক'লা পতাকা প্ৰদৰ্শন কৰিয়েই ডাঙৰ নেতা হৈছিল৷ এইটো ৰাইজে এটা প্ৰতিবাদ কৰিছে, ছাত্ৰসকলে প্ৰতিবাদ কৰিছে আৰু কৰিবই৷' এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ ৷ আজি বঙাইগাঁও আৱৰ্তভৱনত অনুষ্ঠিত এখন সংবাদমেলত নলবাৰীত আছু কৰ্মীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি দেওবাৰে মুখ্য মন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন কৰাৰ পিচত বিজেপি কৰ্মীয়ে আছু কৰ্মীক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত সাংবিদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে নলবাৰীত যিটো ঘটনা হৈছে সেয়া অতি দুৰ্ভাগ্যজন ঘটনা ৷

কাৰণ আছু কৰ্মীসকলে তেওঁলোকৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছিল ৷ বিজেপি দল, চৰকাৰ তথা তেওঁলোকে গোটেই অসমীয়া জাতিটো ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰত নামিছে ৰাইজে প্ৰতিবাদ কৰিবই ৷ সেই প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকে সহ্য কৰিব নোৱাৰি অগণতান্ত্ৰিকভাৱে আছুৰ পতাকা ভৰিৰে গচকিছে, আন্দোলনকাৰীসকলক হাৰাশাস্তি কৰিছে, পুলিচৰ নিৰ্যাতন চলাইছে, থানাৰ যোগেদি তেওঁলোকক নিৰ্যাতন চলোৱা হৈছে ৷ এইবিলাক অগণতান্ত্ৰিক কাম ৷ তেওঁলোকে  প্ৰশাসনক ব্যৱহাৰ কৰিছে ৷ আচৰিত কথা এয়ে যে পুলিচে কি চাই আছে ? পুলিচতো নিৰপেক্ষ ৷ পুলিচৰ কাম হৈছে শান্তি ৰক্ষা কৰা ৷ কোনো মানুহে পুলিচৰ আইন হাতত তুলি ল'ব নোৱাৰে ৷ সেইটো পুলিচে চাব লাগে ৷

গতিকে পুলিচৰ সন্মুখত বিজেপি কৰ্মীয়ে আছু কৰ্মীক প্ৰহাৰ কৰিছে মানে কি?  তাৰ অৰ্থ হ'ল বিজেপি চৰকাৰে পুলিচ বাহিনীকো পৰোক্ষভাৱে এনে কামবোৰত নিয়োগ কৰিছে ৷ এইটো সঁচাকৈ অতি দুৰ্ভাগ্যজনক ঘটনা আৰু আমি কংগ্ৰেছ দলে ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰিছো ৷ আছুৱে ক'লা পতাকা দেখুৱাটো হ'ল এটা ক্ষোভ ৷ এইটো এটা প্ৰতিবাদ ৷ আমি আহোতে দেখিছিলো যে নলবাৰীত স্থানীয় ৰাইজৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কোনো সযোগিতা নাই ৷ তেওঁ কেৱল কমলপুৰ আৰু নিজ সমষ্টিৰ পৰা মটৰচাইকেলেৰে কিছুমান ভাৰাতীয়া মানুহ আনিছিল ৷ সেইটো তেওঁৰ নিজৰ কথা ৷ কথাটো হ'ল ছাত্ৰ সন্থাই বা নলবাৰীৰ ৰাইজে দেওবাৰে যিটো প্ৰতিবাদ প্ৰদৰ্শন কৰিছে সেইটো হৈছে ৰাইজৰ অন্তৰত জ্বলি থকা ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আৰু কেৱল নলবাৰীতে নহয়, অসমৰ বিভিন্ন ঠাইত মুখ্য মন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু বিজেপিৰ অন্যান্য মন্ত্ৰীসকলৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলিও কয় ৷

ভূপেন হাজৰিকাক লৈ কোনো বিবাদ হোৱাটো আমি নিবিচাৰো : ৰিপুণ বৰা

ইপিনে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মান আগবঢ়োৱাত জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই কৰা মন্তব্যত ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত তেওঁ কয় যে মল্লিকাৰ্জুন খাৰ্গেই সংবাদ মাধ্যত যিখিনি মন্তব্য কৰিছে তাত একেবাৰে স্পষ্ট হৈ আছে আৰু মাত্ৰ এটা শব্দহে ব্যৱহাৰ কৰিছে যে 'এজন গায়ককো দিছে ভাৰত ৰত্ন'৷ লগতে এজন আৰ এছ এছ মতাদৰ্শী লোককো দিছে ভাৰত ৰত্ন বুলিও কৈছে ৷ এইবুলি কৈ তেওঁ কৈছে যে আমাৰ কৰ্ণাটকৰ এগৰাকী প্ৰখ্যাত শিক্ষাবিদ তেওঁকো দিব লাগিছিল ৷ গতিকে এই কথাখিনিত চাবলৈ গ'লে ভূপেন হাজৰিকাদেৱক কোনো ধৰণৰ অপমান কৰা বা তেখেতৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যটোৰ প্ৰতি তেওঁ কোনোধৰণৰ অসন্তুষ্টিত প্ৰকাশ কৰা নাই ৷

ডঃ ভূপেন  হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ কাৰণে মল্লিকাৰ্জুন খাৰ্গাই কোনো ধৰণৰ অপমানসূচক মন্তব্য কৰা নাই ৷ মাত্ৰ কৈছে যে এগৰাকী গায়কক দিছে ৷ গতিকে শিক্ষাবিদ হিচাপে আমাৰ এইগৰাকীয়েও পাব লাগিছিল ৷ তেওঁ নিজৰ ৰাজ্যখনৰ প্ৰখ্যাত শিক্ষাবিদৰ কথা কৈছে ৷ গতিকে সেই দিশৰ পৰা কথাটো অলপ ভুল বুজাবুজি হৈছে ৷ দেওবাৰে আমি প্ৰদেশ কংগ্ৰেছৰ পৰা এই কথাটোত তেওঁৰ দৃষ্টিগোচৰ কৰিলো, যিহেতু অসমৰ সংবাদ মাধ্যমত অলপ বিকৃত ৰূপত ওলাইছে ৷ ইয়াৰ পিচতে তেওঁ এটা স্পষ্টীকৰণো দিছো ৷ তেওঁ ক'তো কোৱা নাই যে গায়কগৰাকীক কিয় দিব লাগে, ডঃ ভূপেন হাজৰিকাক কিয় ভাৰত ৰত্ন দিব লাগে সেইটো তেওঁ ক'তো কোৱা নাই ৷ আনহাতে, ডঃ ভূপেন হাজৰিকা পাবলৈ যোগ্য নহয় বুলিও ক'তো কোৱা নাই ৷ তেওঁ নিজৰ ৰাজ্যখনৰ ব্যক্তিগৰাকীৰ কথা কৈছে আৰু সেইটো সকলোৱে ক'ব, প্ৰত্যেকেই ক'ব আৰু আমিও ক'ম যে আমাৰ ৰাজ্যখনৰ এজন ব্যক্তিয়ে পালে ভাল হয় ৷ তেওঁ সেই অৰ্থত কৈছে ৷ গতিকে এই বিষয়টোত অযথা বিতৰ্ক হোৱাত আমি দুখিত ৷ কাৰণ ডঃ ভূপেন হাজৰিকাৰ দৰে এজন প্ৰখ্যাত ব্যক্তি, যি আমাৰ অসমৰ সকলো ৰাইজৰ জনজীৱনৰ লগত একাত্মভাৱে জড়িত ৷

গতিকে তেনে এজন ব্যক্তিকলৈ কোনো বিবাদ হোৱাটো আমি নিবিচাৰো আৰু এই বিষয়টো আমি ইমানতে সমাপ্ত হোৱাতো বিচাৰো বুলিও কয় ৷ ইপিনে সংবাদমেলত সাংবাদিকে কংগ্ৰেছ দলৰ বৰাকৰ সাংসদ সুস্মিতা দেৱে বৰাক ভেলীত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থন কৰিছে আৰু ব্ৰহ্মপুত্ৰ ভেলীত আপোনালোকে বিৰোধিতা কৰিছে ৷ এনে অৱস্থাত আপোনালোকৰ মাজত কিবা বিভাজন হৈছে নেকি বুলি প্ৰশ্ন কৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে কোনো বিভাজন হোৱা নাই আৰু সুস্মিতা দেৱে কতো' বিধেয়কখনৰ সমৰ্থন কৰি তেওঁ কোনো কথা কোৱা নাই ৷ তেওঁ দুটাই কথা কৈছে যে এই বিধেয়ক অসাংবিধানিক আৰু বঙালী হিন্দুক এটা ললীপ'প দিব বিচাৰিছে ৷ বঙালী হিন্দু মানুহক ঠগিব বিচাৰিছে ৷ তেওঁ লগতে অসম চুক্তিৰ কথাও কৈছে ৷ বঙালী মানুহ হিচাপে তেওঁৰ নিজৰ জাতিগত মানুহৰ প্ৰতি দায়বদ্ধতা থাকিব ৷

ভূপেন হাজৰিকাক লৈ কোনো বিবাদ হোৱাটো আমি নিবিচাৰো : ৰিপুণ বৰা

কিন্তু মুকলিকৈ ক'তো বিধেয়কখনৰ সমৰ্থন কৰা নাই ৷ তাতোকৈ ডাঙৰ কথা হ'ল. তেওঁ নিজে জেপিচিৰ এগৰাকী সদস্যা আছিলে ৷ জেপিচিৰ ক'তো তেওঁ বিধেয়কখনৰ সমৰ্থন কৰা নাই ৷ বৰং যেতিয়া জেপিচিৰ প্ৰতিবেদন দাখিল কৰিছিল তেতিয়া আমাৰ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ সদস্যসকলে যেতিয়া প্ৰতিবেদনৰ আপত্তি কৰিছিল তেতিয়া তেৱোঁ সেই টোকাত স্বাক্ষৰ কৰিছিল ৷ লোকসভাত বিধেয়কখন গৃহীত কৰাৰো প্ৰতিবাদ কৰি যেতিয়া কংগ্ৰেছৰ সাংসদসকলে সদন ত্যাগ কৰিছিল তেতিয়া সুস্মিতা দেৱেও সদন ত্যাগ কৰিছিল ৷ বিধেয়কখনৰ সমৰ্থন কৰিলে তেওঁ সদন ত্যাগ নকৰিলেহেঁতেন বুলিও কয় ৷ তেওঁ দলৰ নীতি-শৃংখলা মানি বিধেয়কখনৰ বিৰোধিতা কৰিছিল বুলিও কয় ৷ আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ কোনো এটা বিন্দুতে কংগ্ৰেছ দল একমত নহয় বুলি মন্তব্য কৰি কয় যে নাগৰিকত্ব বিধেয়কখন সংবিধানৰ পৰিপন্থী ৷ সংবিধানে আইনৰ দৃষ্টিত সকলোকে সম-অধিকাৰৰ কথা কৈছে ৷ কিন্তু বিধেয়কখনত সকলোকে সম-দৃষ্টিত লোৱা নাই ৷ একাংশ লোকক লৈছে আৰু একাংশ লোকক লোৱা নাই ৷ তাৰোপৰি ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ বুলি উল্লেখ কৰা হৈছে যদিও বিধেয়কখনে ধৰ্মনিৰপেক্ষতাক আঘাত কৰিছে ৷ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ কথা নাই ৷ এই বিধেয়কখনে অসম চুক্তিক নস্যাৎ কৰিব বুলিও কয় ৷

অসম চুক্তিখনক হিন্দু বঙালী, মুছলমানসকলৰ লগতে  দল-মত সকলোৱে গ্ৰহণ কৰিছে ৷ আনকি বিজেপিও দলেও অসম চুক্তিখন গ্ৰহণ কৰিছে ৷ সেয়ে নাগৰিকত্ব বিধেয়কখন গৃহীত হ'লে অসম চুক্তিক নস্যাৎ কৰা হ'ব ৷ এনেবোৰ কাৰণতে বিধেয়কখন সমৰ্থন কৰিব নোৱাৰি বুলি কয় ৷  একেদৰে এন আৰ চিও অৰ্থহীন হৈ পৰিব বুলি কয় ৷ সেইদৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ পূৰ্ণ সমৰ্থন আছে বুলি মন্তব্য কৰি কয় যে কংগ্ৰেছ দলে আৰম্ভনীৰে পৰা এইটো দাবী জনাই আহিছিল ৷ আনকি কোচ ৰাজবংশীসকলক ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হৈছিল ৷

চাৰিবাৰকে এই অধ্যাদেশ পুনৰ নবিকৰণ কৰা হৈছিল আৰু এবছৰৰ কাৰণে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিছিল  কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে পিচত চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিচত তেওঁ লোকে ইয়াক বিধেয়কলৈ ৰূপান্তৰিত নকৰিলে আৰু জনজাতিকৰণৰ বিষয়টো এনেকৈয়ে থাকি গ'ল ৷ এতিয়া বিজেপিয়ে বিধেয়কখন সদনত কেৱল উত্থাপনহে কৰিলে, গৃহীত নকৰিলে ৷ সেই ফালৰ পৰা চাব গলে বিজেপিৰ এয়া চল - চাতুৰী ৷ সংসদৰ নিয়ম অনুসৰি যি কোনো বিধেয়ক এখন প্ৰথমে লোক সভাত গৃহীত হ'ব লাগিব আৰুতাৰ পিচত ৰাজ্য সভাত যাব লাগে ৷ কিন্তু বিজেপিয়ে তাকে নকৰি সংসদৰ অধিৱেশনৰ শেষৰ দিনটোত ৰাজ্য সভাত উত্থাপন কৰিলে ৷ এতিয়া ৰাজ্য সভাত বিধেয়কখন আলোচনা হোৱাৰ পিচত গৃহীত হ'ব লাগিব আৰু তাৰ পিচত আকৌ লোক সভালৈ ঘূৰি যাব লাগিব ৷

অযথা দীঘলীয়া প্ৰক্ৰিয়া কৰা হৈছে বুলিও কয় ৷ বিধেয়কৰ আমি সমৰ্থন কৰিছো আৰু সদনত উত্থাপন হলে আমু সমৰ্থন কৰিম বুলিও কয় ৷ উল্লেখ্য যে আজি বঙাগাঁৱৰ জিলা পুথিভৰাল প্ৰেক্ষাগৃহত বঙাইগাঁও, চিৰাং আৰু কোকৰাঝাৰ  জিলাৰ জিলা কমিটি , ব্লক তথা মণ্ডল কমিটি আৰু পঞ্চায়ত প্ৰতিনিধিসকলকলৈ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ মূলত আগন্তুক লোক সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি অনুষ্ঠিত এই সভাত দলৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা হয় ৷ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাট আৰু প্ৰদেশ কংগ্ৰেছৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকি বক্তব্য ৰাখে ৷

Your Comments