কোকৰাঝাৰত নাথ-যোগী ছাত্ৰ সন্থাৰ মধ্যকালীন বিশেষ অধিবেশন সমাপ্ত

কোকৰাঝাৰত নাথ-যোগী ছাত্ৰ সন্থাৰ মধ্যকালীন বিশেষ অধিবেশন সমাপ্ত

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভূটীয়াপাৰাৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত দেওবাৰৰ পৰা আৰম্ভ হোৱা সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ মধ্যকালীন বিশেষ অধিবেশনৰ আজি অন্তিমদিনা লোকে লোকাৰণ্য হৈ পৰে ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ। সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ মধ্যকালীন বিশেষ অধিবেশন উপলক্ষে আজি ১.০০ বজাত অনুষ্ঠিত হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। অসম প্ৰাদেশিক নাথ-যোগী সন্মিলনীৰ কাৰ্যকাৰী সভাপতি ভূমিধৰ নাথে পতাকা জোকাৰি শুভাৰম্ভ কৰা সাংস্কৃতিক শোভাযাত্ৰাই বালাজান তিনালী, বালাগাঁও হৈ পুনৰ সভাথলীত সমবেত হয়।

সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে নাথ-যোগীসকলক শীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন কৰে। জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দি বিজেপি চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। তদুপৰি, নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছে বিধেয়কখনৰ বিৰোধিতা বন্ধ কৰিলে তথা বিজেপিয়ে গৃহীত কৰিলে নাথ-যোগী ছাত্ৰ সন্থাই প্ৰয়োজনবশতঃ আত্মজাহ দি হ'লেও নাগৰিকত্ব সংশোধনী বিধেয়ক ৰোধ কৰিব বুলি প্ৰকাশ কৰে৷

Your Comments