আজি চিবিআইৰ বিশেষ আদালতে ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ১৫জন অভিযুক্তক দোষী সাব্যস্ত কৰে৷ এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ সৈতে জৰ্জ বড়ো, অজয় বসুমতাৰী, নীলিম দৈমাৰী, জয়ন্তী ব্ৰহ্ম, খৰ্গেশ্বৰ বসুমতাৰী, মথুৰাম ব্ৰহ্ম, আনচাই বড়ো, বি থৰাই ওৰফে বৈশালী, ইন্দ্ৰ ব্ৰহ্ম, লক' বসুমতাৰী, প্ৰভাত বড়ো, ৰাজু সৰকাৰ, ৰাজেন গয়াৰী, মৃদুল গয়াৰীক দোষী সাব্যস্ত কৰে৷ বুধবাৰে তেওঁলোকৰ শাস্তি ঘোষণা কৰা হ'ব৷ দোষী সাব্যস্ত হোৱা ব্যক্তিকেইজনক যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ সম্ভাৱনা৷
ইফালে অন্তৱৰ্তীকালিন জামিন বাতিল কৰা হয় ৰঞ্জন দৈমাৰীৰ। চিবিআইৰ আদালত চৌহদতে পুনৰ গ্ৰেপ্তাৰ কৰা হয় দৈমাৰীক। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হ'ব দৈমাৰীক। উল্লেখ্য যে ২০১৩ চনৰ জুন মাহৰ পৰা অন্তৱৰ্তীকালিন জামিনত আছিল ৰঞ্জন দৈমাৰী।
- Log in to post comments
- 29 views