আজি গুৱাহাটীৰ চিবিআইৰ বিশেষ আদালতে অসম কঁপোৱা ৩০/১০ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৪জন অভিযুক্তক দোষী সাব্যস্ত কৰে৷ এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীকে ধৰি ১৫জন অভিযুক্তক দোষী সাব্যস্ত কৰা হয়৷ দোষী সাব্যস্তকেইজনৰ শাস্তি কেনেকুৱা ধৰণৰ হ'ব ঘোষণা কৰা হোৱা নাই৷ ২০০৮ চনৰ উক্ত ধাৰাবাহিক বোমা বিস্ফোৰণৰ বাবে ২২জন এনডিএফবি সদস্যক অভিযুক্ত কৰা হৈছিল৷ তাৰে ৩জনৰ সুৰক্ষা বাহিনীৰ অভিযানত মৃত্যু হৈছে৷ ৪জন সদস্য পলাতক অৱস্থাত আছে৷
- Log in to post comments
- 69 views