৩৬নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হয় কাৰ্বি পাহাৰৰ গ্ৰেনাইট : 'ৰূপালী সোণ'ৰ ছিণ্ডিকেটৰ আঁৰত কোন?

৩৬নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হয় কাৰ্বি পাহাৰৰ গ্ৰেনাইট : 'ৰূপালী সোণ'ৰ ছিণ্ডিকেটৰ আঁৰত কোন?

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

অনিয়ন্ত্ৰিত হৈ পৰা কাৰ্বি পাহাৰৰ  কয়লাৰ বৃহৎ ছিণ্ডিকেটৰাজ চলাৰ সময়ত গুলপীয়া গ্ৰেনাইট বা বগা শিলৰ এক ৰমৰমীয়া ব্যৱসায় চলাৰ এক বিস্ফোৰক অভিযোগ পোহৰলৈ আহিছে৷ যি অভিযোগে এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ৰাইজে এক ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে৷ শান্তি আৰু সৰলতাৰ প্রাকৃতিক নীড় কার্বি পাহাৰৰ ভাঁজে ভাঁজে এতিয়া নিষ্ঠুৰ ঘাতক, ক’লা বেপাৰী আৰু উগ্রপন্থীৰ নির্মম কিৰিলি, পদে পদে পাতি গৈছে মৃত্যুৰ ছিটিকা৷ কার্বি পাহাৰলৈ আজি আহি পৰা এই অমানিশাসদৃশ পৰিস্থিতিৰ বাবে দায়ী হৈছে কার্বি আংলঙত খুন্দ খাই থকা মহামূল্যৱান খনিজ সম্পদৰ আকৰ৷

চৰকাৰী তথ্যমতে, যি ঠাইত বছৰ দিন পূৰ্বে দুই সম্ভাৱনাপূৰ্ণ যুৱক নীলোৎপল আৰু অভিজিতক হত্যা কৰা হৈছিল, সেই ডকমকাৰ আশেপাশে থকা চাৰিটা স্থান ক্রমে মহামায়া, চেণ্টাৰ বজাৰ, বেলুঘাট, চিলনীজান আৰু বৰজুৰিৰ ভূগর্ভত সঞ্চিত হৈ আছে ৪৫ মিলিয়ন কিউবিক মিটাৰ গ্রেনাইট৷ সেই হিচাপত অতি কমেও ৫০ টকা প্রতিবর্গমিটাৰত ধৰিলেও ২,৪০০ কোটি টকাৰ গ্রেনাইট কেৱল মহামায়া, চেণ্টাৰ বজাৰ আৰু বেলুঘাটতে জমা হৈ আছে৷ কার্বি আংলঙৰ একাংশ চৰকাৰী বিষয়াৰ মতে, এই তিনিটা স্থানত থকা গ্রেনাইটৰ প্রকৃত মূল্য কেইবা লাখ কোটি টকা হ’বগৈ৷

উল্লেখ্য যে ডকমকাৰ নিকটৱর্তী মহামায়া নামৰ ঠাইখনত সর্বাধিক ৩০ মিলিয়ন কিউবিক মিটাৰ গুলপীয়া গ্রেনাইট পোৱা যায়, যিখিনিৰ বজাৰত চাহিদা মহাৰ্ঘৰ  দৰে৷ স্থানীয় লোকে জানিবলৈ দিয়ামতে, ইমান বৃহৎ পৰিমাণৰ গ্রেনাইটৰ বাবেই এতিয়া কার্বি পাহাৰ হৈ পৰিছে বহু কুখ্যাত মাফিয়া আৰু ঘাতকৰ ৰম্যভূমি৷ নাম প্ৰকাশত অনিচ্ছুক স্থানীয় একাংশ লোকৰ মতে, ডকমকাৰ আশেপাশে থকা কেইবাশ কোটি টকাৰ গ্রেনাইটৰ সম্পূর্ণ অবৈধ ব্যৱসায় চলি আছে আৰু এই বৃহৎ চোৰাং ব্যৱসায়টো নিয়ন্ত্রণ কৰিছে এটা উগ্রপন্থী সংগঠনৰ কৰ্মীয়ে৷

অতিশয় জঘন্য আৰু নৃশংস ব্যক্তিৰে গঠিত এই গ্রেনাইটৰ ছিণ্ডিকেটত ইমানেই হাই প্রফাইল মানুহ জড়িত হৈ আছে যে অকল এই ছিণ্ডিকেটত প্ৰৱেশৰ বাবেই এতিয়া কার্বি পাহাৰত ৰাজনীতি এক পেছালৈ ৰূপান্তৰিত হৈছে৷ স্থানীয় লোকে জানিবলৈ দিয়ামতে, কার্বি আংলঙত উগ্রপন্থীয়ে খনন কৰা চোৰাং গ্রেনাইট পশ্চিম কাৰ্বি আংলঙৰ হামৰেন হৈ আৰু গুৱাহাটীৰ যোৰাবাট হৈ মেঘালয়ত প্ৰৱেশ কৰে৷ মেঘালয়ত এই গ্রেনাইটবোৰ পলিশ্ব কৰি গুৱাহাটীৰ বজাৰত ৰাজস্থান আৰু দক্ষিণ ভাৰতৰ গ্রেনাইট বুলি মেলি দিয়া হয়৷ আমাৰ অনুসন্ধানত পোহৰলৈ অহা মতে, সন্ধিয়া ৬ বজাৰ পৰা নিশা ১ বজা পর্যন্ত কার্বি পাহাৰৰ ডকমকাৰ আশেপাশে থকা পথবোৰেদি ট্ৰাক আৰু ডাম্পাৰৰ জৰিয়তে এই পাথৰ বা গ্ৰেনাইটবোৰ উলিওৱা হয়৷

সোণৰ দৰে মূল্যৱান গ্রেনাইট কঢ়িওৱা ট্রাক, ডাম্পাৰবোৰ সুকলমে পাৰ কৰাই নিয়াৰ দায়িত্বত আছে কিছুমান পেছাদাৰী হত্যাকাৰী আৰু উগ্রপন্থী সংগঠনৰ সদস্য৷ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথেদি হোজাই জিলাৰ ডবকা হৈ এই ট্ৰাক-ডাম্পাৰবোৰ পাৰ হয়৷ জিলাখনৰ আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত কোনো সক্ৰিয় ভূমিকা গ্ৰহণ নকৰাটো ৰহস্যৰ বিষয় হৈ পৰিছে৷ চৰকাৰে এইবোৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? ৰাইজে ইয়াৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে৷

Your Comments