অতিথিক আদৰিবলৈ সাজু মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ 

অতিথিক আদৰিবলৈ সাজু মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ 

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

ভাৰতীয় মহা জাতীয়তাৰ কাণ্ডাৰী, অসম আৰু অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে প্ৰতিষ্ঠালাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৮৮সংখ্যক অধিবেশনক লৈ এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ মৰিগাঁও জিলাতে। গুৰুজনাৰ বিশ্বজনীন মানৱতাবাদী আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়াস অব্যাহত ৰাখি আধ্যাত্মিক বাতাৱৰণ সৃষ্টিৰে সু-শৃংখল মানৱতাবাদী আদৰ্শৰে বৃহত্তৰ সমাজ গঠনৰ লক্ষ্য লৈ মৰিগাঁও নগৰৰ "সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ"ত অহা ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৮৮সংখ্যক মূল অধিবেশনৰ অতিথিক আদৰিবলৈ প্ৰায় সাজু হৈ পৰিছে মৰিগাঁওবাসী।

ইতিমধ্যে মৰিগাঁও নগৰৰ বাট-পথ বহল কৰি চূণ-তেল ঘঁহি ন-কন্যাৰ দৰে সাজু কৰিবলৈ চেষ্টা কৰিছে জিলা প্ৰশাসনৰ সহযোগত আদৰণী সমিতিয়ে। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকৰ পূৰ্ণ সহযোগত এক সমন্বয় গঢ়ি উঠা অধিবেশনখনিৰ বৰ্তমান দ্ৰুত গতিত চলি আছে প্ৰস্তুতি। আঢ়ৈ কোটি টকাৰ বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া অধিবেশনখনিত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অংশগ্ৰহণ  নিশ্চিত নহয় যদিও অধিবেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আদৰণী সমিতিয়ে প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি ৬ ফেব্ৰুৱাৰীত পুৱা ৫ বজাত পৰিবেশ নিকাকৰণ, প্ৰাতঃপ্ৰসঙ্গ। ৮ বজাত বৃক্ষৰোপণৰ পিছতেই মূল তোৰণ উন্মোচন কৰিব অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰে।

গ্ৰন্থমেলা, প্ৰদৰ্শনী আৰু বাণিজ্যমেলাৰ তোৰণ উন্মোচন কৰিব মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই। ইয়াৰ পিছতেই উন্মোচন হ'ব নামঘৰৰ তোৰণ আৰু নাটঘৰৰ আসন প্ৰতিষ্ঠা। তদুপৰি, উন্মোচন হ'ব মূল কাৰ্যালয়, আদৰণী সমিতিৰ কাৰ্যালয়, জিলা কাৰ্যালয়, গ্ৰন্থমেলা, প্ৰদৰ্শনী ৰদ্বাৰ, বহিঃবাণিজ্যৰ দ্বাৰ, বিশেষ প্ৰতিনিধি শিবিৰ তোৰণ, প্ৰতিনিধি সভাকক্ষৰ দ্বাৰ, সহায়ক সমিতিৰ তোৰণ আদি কৰি ভালেসংখ্যক কাৰ্যালয় আৰু তোৰণ। দিনৰ ১২.৩০ বজাত মূল মঞ্চত অনুষ্ঠিত হ'ব গ্ৰন্থ উন্মোচনী সভা। মৰিগাঁও জিলা সাহিত্য শাখাৰ সভাপতি ডঃ জগত চন্দ্ৰ কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হ'বলগীয়া সভাত স্মৃতিগ্ৰন্থ "কৃষ্ণ কথামৃত", মৰিগাঁও দাপোণ, গুণনিধি, গুৰুচৰিত কথা আদি কৰি ভালেকেইখন গ্ৰন্থ উন্মোচন কৰা হ'ব।

দিনৰ ২ বজাত প্ৰতিনিধি সভাগৃহত অনুষ্ঠিত হ'ব প্ৰচাৰ শাখা সভা। ৩.৩০ বজাত প্ৰতিনিধি সভাগৃহত অনুষ্ঠিত হ'ব আইমাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদ আৰু সভানেত্ৰী-সম্পাদিকাৰ যুটীয়া সভা। আবেলি ৪.৪৫ বজাত নাটমঞ্চ উন্মোচন কৰিব কথাছবি পৰিচালক ৰাজেশ ভূঞাই। সন্ধ্যা ৫ বজাত সামূহিক প্ৰাৰ্থনা, নাম প্ৰসঙ্গ, সেৱাবাহিনীৰ সাধাৰণ পৰিষদ। ৬.৩০ বজাত সাংস্কৃতিক সমাৰোহ   বিধায়িকা আঙুৰলতা ডেকাই উদ্বোধন কৰাৰ পিছতেই অনুষ্ঠিত হ'ব অংকীয়া ভাওনা।
 

৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাত জিলা সভাপতি-সম্পাদকৰ সন্মিলন। ৯.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ ছ'চাইটীৰ সভা। ১১.৩০ বজাত মূলমঞ্চত অনুষ্ঠিত হ'ব সাহিত্য শাখাৰ অধিবেশন। আবেলি ৩ বজাত সংস্কৃতি শাখাৰ অধিবেশন। সন্ধ্যা ৬ বজাত প্ৰতিনিধি সভা। ৬.৩০ বজাত সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব জনপ্ৰিয় অভিনেতা যতীন বৰাই। নিশা অনুষ্ঠিত হ'ব অংকীয়া ভাওনা। ৮ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব নৱনিৰ্বাচিত পদাধিকাৰে। ১০ বজাত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা।

দিনৰ ১১ বজাত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সন্মানীয় অতিথি হিচাপে থাকিব বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। তদুপৰি, উপস্থিত থাকিব বহুসংখ্যক মন্ত্ৰী-বিধায়কৰ লগতে বিশিষ্ট ব্যক্তি। সন্ধ্যা ৬.১৫ বজাত সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব নিউজ লাইভৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই। নিশা অনুষ্ঠিত হ'ব অংকীয়া ভাওনা। ৯ ফেব্ৰুৱাৰীৰ সামৰণী অনুষ্ঠানত পুৱা ৯ বজাত নৱনিৰ্বাচিত মূল কাৰ্যনিৰ্বাহ, অন্তৰংগ আলাপ আৰু ১১ বজাত অনুষ্ঠিত হ'ব ধৰ্মালোচনী সভা। সন্ধ্যা ৫ বজাত পতাকা অৱতৰণ, ৫.৩০ বজাত ৮৯সংখ্যক অধিবেশনৰ বাবে বোকাখাত জিলাৰ দ্বাৰা পতাকা গ্ৰহণ আৰু সামূহিক প্ৰাৰ্থনা।

Your Comments