এন ডি এ শিবিৰত বিদ্ৰোহ : শংকিত বিজেপি

এন ডি এ শিবিৰত বিদ্ৰোহ : শংকিত বিজেপি

সমাগত ২০১৯ চনৰ লোকসভা নিৰ্বাচন যিমানেই আগুৱাই আহিছে, এন ডি এৰ অংশীদাৰ দলবিলাকৰ অসন্তোষ আৰু বিদ্ৰোহ সিমানেই তীব্ৰ হৈ পৰিছে৷ এইবাৰ বিদ্ৰোহৰ সুৰ ধ্বনিত হৈছে লোক জনশক্তি পাৰ্টিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱান আৰু তেওঁৰ পুত্ৰ চিৰাগ পাছোৱানৰ কণ্ঠত৷ এন ডি এৰ প্ৰধান দল বিজেপিক পোনপটীয়াভাৱে ‘বিশ্বাসঘাতক’ আখ্যা দি চিৰাগ পাছোৱানে কৈছে, অনুসূচিত জাতি-জানজাতি আইনৰ পুৰণি নিয়মবোৰ অনতি পলমে ওভতাই আনিব লাগিব৷

প্ৰয়োজন হ’লে অধ্যাদেশ জাৰি কৰি বিধেয়ক গৃহীত কৰিব লাগিব বুলিও চিৰাগ পাছোৱানে বিজেপিক সকীয়াই দিয়ে৷ তেওঁ ভাবুকি দি কয় যে যদি অহা ৭ আগষ্টৰ ভিতৰত লোকসভাৰ অধিবেশনত এই সম্পর্কীয় বিধেয়কখন গৃহীত কৰা নহয় তেনেহ’লে ৯ আগষ্টত বিশাল দলিত সমাবেশ অনুষ্ঠিত কৰা হ’ব৷ বিজেপি আৰু কেন্দ্ৰৰ এন ডি এ চৰকাৰক বিশ্বাসঘাতক বুলি আখ্যা দি চিৰাগে কয়, ‘মোডী চৰকাৰৰ ওপৰত ৰাইজে আৰু আস্থা ৰাখিব পৰা নাই৷ দেশবাসীয়ে ক্ৰমশঃ ধৈৰ্য হেৰুৱাই আছে৷’ তেওঁ কঠোৰভাৱে সকীয়াই দি কয়, ‘ৰাইজেই এইবাৰ অন্তিম কথা ক’ব৷’ চিৰাগ পাছোৱানৰ এই মন্তব্যত বিজেপি শিবিৰত আশংকা আৰু উদ্বেগ তীব্ৰ হৈ পৰিছে৷ ৰাজনৈতিক মহলৰ অনুমান- ৰামবিলাস পাছোৱান আৰু তেওঁৰ দলে আসন্ন নিৰ্বাচনৰ পূৰ্বেই এন ডি এ ত্যাগ কৰিব পাৰে৷ প্ৰাপ্ত বাতৰি মতে বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰেও চিৰাগ পাছোৱানৰ দাবীক সমৰ্থন জনাইছে৷

এন ডি এ শিবিৰত বিদ্ৰোহ : শংকিত বিজেপি

কিছুদিন পূৰ্বে নীতিশ কুমাৰে লোকসভাৰ আসন বণ্টন সন্দৰ্ভত বিজেপিক চৰ্ত জাপি দি বিদ্ৰোহৰ ইঙ্গিত দিছিল৷ তেওঁ এন ডি এ ত্যাগ কৰিব পাৰে বুলি গুণাগথাঁ হৈছিল৷ কিন্তু বিজেপি সভাপতি অমিত শ্বাহে ততাতৈয়াকৈ পাটনলৈ গৈ নীতিশ কুমাৰক সাক্ষাৎ কৰে আৰু বুজাবুজিৰ চেষ্টা চলায়৷ অমিত শ্বাহে নীতিশ কুমাৰ সন্তুষ্ট বুলি সেই সময়ত ঘোষণা কৰে যদিও বিৰোধ যে এতিয়াও অব্যাহত আছে সেয়া জে ডি(ইউ)ৰ নেতাগৰাকীৰ বিভিন্ন মন্তব্যত স্পষ্ট হৈ পৰিছে৷ ইতিমধ্যে বিহাৰত এন ডি এ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানতো উপস্থিত নাথাকে বুলি নীতিশ কুমাৰে পুনৰ ঘোষণা কৰিছে৷ তুদপৰি, তেওঁৰ চৰকাৰৰ তৰফৰ পৰাও বৰ্ষপূৰ্তি অনুষ্ঠানৰ কোনো প্ৰস্তুতি এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই৷ নীতিশ কুমাৰৰ এই ধৰণৰ স্থিতিয়ে বিজেপিৰ সৈতে সহযোগী দলবিলাকৰ দূৰত্ব আৰু বিৰোধকেই অধিক প্ৰকট কৰি তুলিছে। তাৎপৰ্যপূৰ্ণ যে ৰামবিলাস পাছোৱান আৰু তেওঁৰ পুত্ৰ চিৰাগৰ পিছত বিজেপিৰ আন এক মিত্ৰ দল আৰ পি আইৰ ৰামদাস আঠাৱালেও বিদ্ৰোহৰ ধ্বজা উৰুৱাই দিছে৷

এন ডি এ শিবিৰত বিদ্ৰোহ : শংকিত বিজেপি

তেওঁ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ (এন জি টি) ন্যায়াধীশ পদৰ পৰা এ কে গোৱেলক অনতি পলমে অপসাৰণ কৰাৰ দাবী জনাইছে৷ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আঠাৱালেই কয় যে গোৱেলক এন জি টিৰ অধ্যক্ষ পদত নিযুক্তি দিয়াত দেশৰ দলিত সমাজ অত্যন্ত ক্ৰদ্ধ৷ উল্লেখ্য যে যোৱা মাৰ্চ মাহত সৰ্বোচ্চ ন্যায়ালৰ যি খণ্ডপীঠে দলিত নিৰ্যাতন ৰোধ আইনৰ যি গুৰুত্বপূৰ্ণ ধাৰা বিলুপ্ত কৰি বিতৰ্কিত ৰায় দিছিল, সেই দুজনীয়া খণ্ডপীঠৰ অন্যতম ন্যায়াধীশ আছিল এ কে গোৱেল৷ তেওঁ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ লোৱাৰ লগে লগেই কেন্দ্ৰৰ মোডী চৰকাৰে গোৱেলক সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ পদত নিযুক্তি দিয়ে৷ ফলত সমগ্ৰ দেশবাসী, দলিত সংগঠনবিলাক মোডী চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে৷ একে ধৰণে এন ডি এ শিবিৰৰ পৰা পূৰ্বেই চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম দল আঁতৰি গৈছে৷ দীৰ্ঘ কেইবা দশকৰ মিত্ৰ শিৱসেনায়ো বিজেপিৰ বিৰুদ্ধেই থিয় দিছে৷ এতিয়া এন ডি এ শিবিৰৰ বাকী এই সৰু সৰু দলবিলাকৰ বিদ্ৰোহেও সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নিদ্ৰা হৰণ কৰিছে৷

Your Comments