বঙাইগাঁৱত ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

বঙাইগাঁৱত ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে আজি বঙাইগাঁও জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ স্থানীয় গান্ধী ময়দানত উলহ-মালহেৰে ভাৰতবৰ্ষৰ ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰা হয়। পুৱা প্ৰভাত ফেৰীৰে আৰম্ভ হোৱা গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুসৰি ইয়াৰ পিচতে পাগলাস্থানস্থিত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ছহিদ তৰ্পণ কৰা হয়। ইপিনে গান্ধী ময়দানত আয়োজন কৰা গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ৰাজহ আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷

বঙাইগাঁৱত ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

পতাকা উত্তোলন কৰি ৰাইজক উদ্দেশ্যি দিয়া লিখিত ভাষণত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈছে৷ আন্তৰ্জাতিক পৰ্যায়তো ভাৰতে এক সুকীয়া পৰিচয় লাভ কৰিছে৷ সেইদৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ আৰু উন্নয়নৰ বাবেও এইখন চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ আনহাতে, এন আৰ চিৰ কাম সম্পূৰ্ণ কৰিবলৈ ওলোৱা বুলি উল্লেখ কৰি এখন শুদ্ধ আৰু প্ৰামাণিক এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কয়৷

বঙাইগাঁৱত ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

লগতে অবৈধ বিদেশীমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত চৰকাৰে পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে অসমৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰসমূহ যিকোনো প্ৰকাৰে সুৰক্ষিত কৰা হ'ব৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ পদক্ষেপ লৈছে৷ বিগত কে'বাবছৰ ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে দাবী জনাই আহিছে৷ সেইবাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই ছয়টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়া হ'ব৷ মন্ত্ৰী কলিতাই ভাষণত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বিষয়েও কয়৷ মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলনৰ পিছত আৰক্ষী, গৃহৰক্ষী বাহিনী, এন চি চি, স্কাউট-গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা কুছকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে।

বঙাইগাঁৱত ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

উল্লেখ্য যে পতাকা উত্তোলন কৰাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায়। ইপিনে গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰে৷ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বিভিন্নজনলৈ সম্বৰ্ধনা, পুৰস্কাৰ, ভূমি পট্টা, অনুদান আৰু বঁটাও বিতৰণ কৰে৷ দিৱসৰ অন্যান্য কাৰ্যসূচীৰ ভিতৰত কণ কণ ল'ৰা-ছোৱালীৰ মাজত বিভিন্নধৰণৰ খেল-ধেমালি অনুষ্ঠিত হোৱাৰ লগতে বঙাইগাঁও সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, মানসিক পুনৰ সংস্থাপন কেন্দ্ৰ আৰু শিশু গৃহত ফলমূল বিতৰণ, ল'ৰা-ছোৱালীক বিনামূলীয়া কথাছবি প্ৰদৰ্শন, আবেলি উপায়ুক্ত একাদশ আৰু বঙাইগাঁও ক্ৰীড়া সন্থাৰ মাজত প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়৷

বঙাইগাঁৱত ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

গণৰাজ্য দিৱসৰ অনুষ্ঠানত জিলা উপায়ুক্ত আদিল খানকে ধৰি জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসন, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকে৷ একেদৰে উপস্থিত থাকে সহস্ৰাধিক লোক৷ ইপিনে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবতো গণৰাজ্য দিৱস পালন কৰা হয়৷ গণৰাজ্য দিৱস উপলক্ষে প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি তেজেশ ত্ৰিপাঠীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷ অনুষ্ঠানত প্ৰেছ ক্লাবৰ সদস্যসকল উপস্থিত থাকে৷ ইয়াৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়, নিজা বাসভৱন আদিত দেশৰ ৭০সংখ্যক গণৰাজ্য দিৱস উপলক্ষে পতাকা উত্তোলন কৰা হয়।

Your Comments