দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱস উদ্‌যাপন

দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱস উদ্‌যাপন

মানকাচৰৰ পৰা চানবৰ আলী

সমগ্ৰ দেশৰ লগতে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত কেন্দ্ৰীয়ভাৱে উদ্‌যাপন কৰা হয় ৭০সংখ্যক গণৰাজ্য দিৱস।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱস উদ্‌যাপন

জিলা উপায়ুক্ত আতিকা চুলতানাই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক, মানকাচৰৰ বিধায়ক ডাঃ মতিউৰ ৰহমানৰ উপৰি জিলা পৰ্যায়ৰ প্ৰায় সকলো বিষয়াই উপস্হিত থাকে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱস উদ্‌যাপন

জিলা উপায়ুক্তই ভাষণ প্ৰসংগত কয়- অসম ৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক "ভাৰত ৰত্ন" প্ৰদান কৰাত ভাৰত চৰকাৰক প্ৰশংসা কৰে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱস উদ্‌যাপন

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন জাতি-জনজাতিৰ লোকে অসমৰ কলা-কৃষ্টি পৰিবেশন কৰে।

সাদুল্ল্যাবাড়ীত উলহ-মালহেৰে গণৰাজ্য দিৱস পালন

ইফালে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বৃহত্তৰ কালাপানী অঞ্চলৰ সাদুল্ল্যাবাড়ীত ব্যাপক উৎসাহ-উদ্দীপনাৰে পালন কৰে ৭০সংখ্যক গণতন্ত্ৰ দিৱস। দিনজোৰা বিভিন্ন ধৰণৰ খেল-ধেমালি অনুষ্ঠিত হোৱাৰ পিছত সন্ধিয়া ৫ বজাত বঁটা বিতৰণ কৰে। এই বঁটা বিতৰণী সভাত সাদুল্ল্যাবাড়ী প্ৰবীণ শিক্ষকৰ লগতে সমাজ সেৱক ৰাইজেও সহায়-সহযোগিতা আগবঢ়ায়।

বঁটা বিতৰণী সভা শেষ হোৱাৰ পিছতেই নৱনিৰ্বাচিত কালাপানী গাঁও পঞ্চায়তৰ সভাপতি তথা খেলৰ সভাপতি মজিবৰ ৰহমানে জানিবলৈ দিয়ামতে, আজিৰ খেলত প্ৰায় ১৫/২০খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ খেল-ধেমালিত অংশগ্ৰহণ কৰে। গণতন্ত্ৰ দিৱস সকলোৱে মিলি পালন কৰিব পাৰি নথৈ আনন্দিত হোৱা বুলিও উল্লেখ কৰে। অনাগত দিনত আৰু ব্যাপকভাৱে এনেধৰণৰ অনুষ্ঠান পাতিবলৈ চেষ্টা কৰাৰ কথাও লগতে কয়।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱস উদ্‌যাপন

সম্পাদক শ্বাহ কামাল মোল্লাই কয়- ভাৰত তথা অসম এখন ধৰ্মনিৰপেক্ষ দেশ। আমি সকলো ধৰ্মৰ মানুহে ইয়াত বসবাস কৰো। সকলোৱেই মিলি আজি ৭০সংখ্যক গণৰাজ্য দিৱস পালন কৰিব পৰাটো আমাৰ গৰ্বৰ বিষয়।আমি শান্তি-সম্প্ৰীতিৰ মাজত থাকিব বিচাৰো বুলি উল্লেখ কৰি অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্তই ধৰ্মীয় সংখ্যালঘু ৰাইজক লৈ যি মন্তব্য কৰি আছে সেয়া এক সাম্প্ৰদায়িক মন্তব্য বুলি প্ৰকা শকৰে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱস উদ্‌যাপন

ধুবুৰী, শালমাৰা, মানকাচৰত কোনো বাংলাদেশী মানুহ নাই, যদি আছে চৰকাৰে সোনকালে বাছি উলিয়াই বাহিৰ কৰি দিয়ক তাত আমাৰ ক'বলগীয়া একোৱেই নাই বুলিও হিমন্ত বিশ্বক প্ৰত্যাহ্বান জনায়। কিন্তু তাকে নকৰি ধৰ্মীয় সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি লৈ কোনো মন্তব্য নকৰিবলৈও সকীয়াই দিয়ে। সন্ধিয়া অসমৰ কলা-কৃষ্টিৰে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।

Your Comments