কলিয়াবৰত গণৰাজ্য দিৱস পালন

কলিয়াবৰত গণৰাজ্য দিৱস পালন

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

সমগ্র দেশৰ লগতে কলিয়াবৰৰ কুঁৱৰীটোলস্থিত গান্ধী খেলপথাৰত  ৭০সংখ্যক গণৰাজ্য দিৱস উলহ-মালহেৰে উদ্‌যাপন কৰা হয়। কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত উদ্‌যাপিত ৭০সংখ্যক গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি  বিতুপন নেওগে।

কলিয়াবৰত গণৰাজ্য দিৱস পালন

দিৱসৰ লগত সংগতি ৰাখি মুক্তিযোদ্ধা পৰিয়াল আৰু বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। লগতে বিভিন্ন বিভাগসমূহে প্ৰতীকপট প্ৰদৰ্শন কৰে। এনচিচি কেডেটে অংশগ্ৰহণ কৰি কলিয়াবৰ মহাবিদ্যালয়ে প্ৰথম, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দ্বিতীয় স্থান অধিকাৰ কৰে।

কলিয়াবৰত গণৰাজ্য দিৱস পালন

মাৰ্চপাষ্টত শিশু বিদ্যাপীঠ, কুঁৱৰীটোলে প্ৰথম, কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ে দ্বিতীয় আৰু ব্ৰহ্মপুত্ৰ একাডেমীয়ে তৃতীয় স্থান লাভ কৰে।ইফালে প্ৰতীকপটত কলিয়াবৰ গড়কাপ্তানী বিভাগে প্ৰথম, জনস্বাস্থ্য কাৰিকৰী বিভাগে দ্বিতীয় আৰু কলিয়াবৰ মহকুমা নিৰ্বাচনী বিভাগে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

কলিয়াবৰত গণৰাজ্য দিৱস পালন

বিয়লি ১ বজাৰ পৰা মহকুমা একাদশ আৰু কলিয়াবৰ প্ৰেছ ক্লাব একাদশৰ মাজত হোৱা ক্ৰিকেট প্ৰতিযোগিতাত ৯ উইকেটত কলিয়াবৰ প্ৰেছ ক্লাব একাদশে জয়লাভ কৰে। মেন অব্‌ দ্য মেচ লাভ কৰে পংকজ শইকীয়া আৰু বেষ্ট বলাৰৰ খিতাপ অৰ্জন কৰে দিপু বৰাই।

Your Comments