শিৱসাগৰত উলহ-মালহেৰে ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

শিৱসাগৰত উলহ-মালহেৰে ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোঁহাই

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো অতি উলহ-মালহেৰে ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰা হয়। পুৱা প্ৰভাত ফেৰীৰে   আৰম্ভ হয় গণৰাজ্য দিৱসৰ কাৰ্য্যসুচী। তাৰ পাছতেই পিয়লি ফুকন উদ্যান আৰু আনন্দৰাম বৰুৱা উদ্যানত ছহিদ তৰ্পণ কৰা হয়।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ বৰ্ডিং খেলপথাৰত আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে নগৰ উন্নয়ন (স্বতন্ত্ৰ) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ (ৰাজ্যিক) মন্ত্ৰী পীয়ূষ হাজৰিকাই। পতকা উত্তোলনৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ প্ৰতিছব্বিত শ্ৰদ্ধাঞ্জলি জনায়। 

পতাকা উত্তোলনৰ পিছতেই আৰক্ষী, স্কাউট-গাইড আৰু গৃহৰক্ষী জোৱানৰ দ্বাৰা কুছকাৱাজ প্ৰদৰ্শন কৰা হয়। তাৰ পাছত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে কণ কণ ল'ৰা-ছোৱালীৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি অনুষ্ঠিত কৰা হয়। তাৰ লগতে জিলাখনৰ বিভিন্ন বিভাগত উৎকৃষ্ট সেৱা আগবঢ়োৱা বহুকেইজন ব্যক্তিক উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

শিৱসাগৰত উলহ-মালহেৰে ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

আনহাতে, জিলা প্ৰশাসনে কাৰাগাৰৰ কয়দীসকলৰ মাজত, শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ত ৰোগী আৰু প্ৰসূতিসকলৰ মাজত, স্বপ্নালয়, কৌমুদালয় আৰু বৃদ্ধাশ্ৰমত ফলমূল, গৰম কাপোৰ আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰে। বিয়লি জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা শিক্ষা বিভাগৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়।

 ইয়াৰ উপৰি শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, স্কুল-কলেজৰ লগতে নিজা বাসভৱনত গণৰাজ্য দিৱস উপলক্ষে পতাকা উত্তোলন কৰা হয়।

Your Comments