তামুলপুৰত ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

তামুলপুৰত ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

সমগ্ৰ ৰাজ্যৰ লগেত তামুলপুৰ মহকুমা প্ৰশাসনে এইবেলি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰে। পুৱা প্ৰভাত ফেৰী, নাগৰিকসকলৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত পতাকা উত্তোলন, ৯ বজাত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সমূহীয়া কাৰ্যসুচী আৰম্ভ হয়। কাৰ্যসূচীৰ প্ৰথমে মহাত্মাগান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পতাকা উত্তোলন কৰে মহকুমাধিপতি সুজিৎ বাগলাৰিয়ে।

তামুলপুৰত ৭০সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

গণৰাজ্য দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত চিত্ৰাঙ্কন, খেলধেমালি প্ৰতিযোগিতা আৰু প্ৰগতিশীল খেতিয়কক পুৰস্কাৰ বিতৰণ কৰা হয়। তামুলপুৰ মহকুমা সাংস্কৃতিক বিভাগৰ সৌজন্যত জনগোষ্ঠীয় নৃত্য পৰিবেশন কৰাৰ লগতে আবেলি প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হ'ব। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, চক্ৰ বিষয়া আদিত্য গগৈ, মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, নাগ্ৰীজুলি খণ্ড উন্নয়ন বিষয়া জ্যোতিষ কাকতি, তামুলপুৰ খণ্ড উন্নয়ন বিষয়া চানচুমা বসুমতাৰী, চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ লগতে তামুলপুৰৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

Your Comments