'ডুন'ৰ কেপ্টেইন নিৰ্বাচিত মন্ত্ৰী হিমন্ত বিশ্বৰ পুত্ৰ নন্দিল

'ডুন'ৰ কেপ্টেইন নিৰ্বাচিত মন্ত্ৰী হিমন্তৰ পুত্ৰ নন্দিল

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী পঢ়া "ভাৰতৰ ইটন" খ্যাত ডুন স্কুলত কেপ্টেইন হিচাপে নিৰ্বাচিত হৈছে অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা। বৃহস্পতিবাৰে টুইটাৰযোগে এই কথা ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ "very hearten to see my son Nandil taking over as captain of the Doon school "  নিজৰ সন্তানৰ কৃতিত্বৰ বিষয়ে নিজৰ টুইটাৰ একাউণ্টত মন্ত্ৰীগৰাকীয়ে এনেদৰে লিখে।

'ডুন'ৰ কেপ্টেইন নিৰ্বাচিত মন্ত্ৰী হিমন্তৰ পুত্ৰ নন্দিল

আনহাতে, ডুন স্কুলৰ অফিচিয়েল ফেচবুক পোষ্ট এটাতো নন্দিলে স্কুলখনৰ কেপ্টেইন হিচাপে দায়িত্ব লোৱাৰ কথাটো জনায়। বৰ্তমান একাদশ শ্ৰেণীত পঢ়া নন্দিল বিশ্ব শৰ্মা যোৱাবছৰ উক্ত বিদ্যালয়খনৰ পৰা দশম শ্ৰেণীত ভাল ফলাফলেৰে উত্তীৰ্ণ হৈছিল। উল্লেখ্য যে উত্তৰাখণ্ডৰ ডুন স্কুলখন হ'ল দেশৰ ভিতৰতে আগশাৰীৰ ব্যাক্তিগত খণ্ডৰ বিদ্যালয়, যাক "ভাৰতৰ ইটন" নামেৰে জনাজাত। উল্লেখ্য যে কেৱল ছাত্ৰই পঢ়াৰ সুবিধা থকা এই বিদ্যালয়খন ১৯৩৫ চনতে স্থাপিত হৈছিল। এই বিদ্যালয়খনত দেশৰ বহুতো বিখ্যাত ব্যক্তিয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তাৰ ভিতৰত ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীক অন্যতম হিচাপে ধৰা হয়।

'ডুন'ৰ কেপ্টেইন নিৰ্বাচিত মন্ত্ৰী হিমন্তৰ পুত্ৰ নন্দিল

ইপিনে কংগ্ৰেছ চৰকাৰৰ দিনত দীঘলীয়া সময় ৰাজ্যখনৰ শিক্ষামন্ত্ৰী হৈ থকাৰ কালত হিমন্ত বিশ্ব শৰ্মাই নিজৰ সন্তানক পঢ়াবলৈ ৰাজ্যৰ বাহিৰৰ ব্যাক্তিগত খণ্ডৰ বিদ্যালয় বাছি লোৱাটোৱে সেই সময়ত ৰাজ্যখনত এক চৰ্চাৰ বিষয় হৈ পৰিছিল আৰু বিভিন্ন মাধ্যমত সমালোচিত হৈছিল। একেৰাহে প্ৰায় তিনিটা বছৰ কাৰ্যকালৰ দীঘলীয়া সময় ৰাজ্যখনৰ শিক্ষামন্ত্ৰী হৈ থাকিও মন্ত্ৰীজনে নিজৰ ৰাজ্যখনত এটা ভাল শিক্ষাৰ পৰিবেশ গঢ়িব নোৱাৰাটোৱে শিক্ষা বিভাগটোৰ বিফলতাৰ প্ৰমাণ হিচাপে সমগ্ৰ ৰাজ্যখনতে প্ৰতিবাদ আৰু সমালোচনা কৰা দেখা গৈছিল। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰীজনৰ একমাত্ৰ কন্যা সন্তান সুকন্যা শৰ্মাও বৰ্তমান আজমীৰৰ এখন ব্যাক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ি আছে।  

Your Comments