অসম সাহিত্য সভাৰ ৰহা অধিবেশন উপলক্ষে কুইজ, তৰ্ক, চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা

অসম সাহিত্য সভাৰ ৰহা অধিবেশন উপলক্ষে কুইজ, তৰ্ক, চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা

বৰপেটাৰোডৰ পৰা ৰণজিৎ তালুকদাৰ

অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিৱেশনখনি এইবাৰ ৰহাত ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব। এই লৈ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে। অধিবেশনৰ বিভিন্ন কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলাৰ প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত। গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি মূলতঃ নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজক সমিতিয়ে গ্ৰন্থমেলাৰ বাকৰিত সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা, মুকলি কুইজ, ৰচনা প্ৰতিযোগিতা, আবৃত্তি, চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা আদিৰো আয়োজন কৰিছে। সকলোৰে বাবে মুকলি তৰ্ক প্ৰতিযোগিতাৰ বিষয় হ’ল- সদনৰ মতে "অসমীয়া ভাষা থাকিলেহে অসমীয়া জাতিও থাকিব"৷

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গৰাকীক বৈষ্ণৱ পণ্ডিত মতিৰাম কাকতি সোঁৱৰণী বঁটাৰ লগতে নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব৷ সৰ্বমুঠ ২৫ হাজাৰ টকা এই প্ৰতিযোগিতাত প্ৰদান কৰা হ’ব৷ শিক্ষাবিদ প্ৰয়াত ধৰ্ম সিংহ ডেকা সোঁৱৰণি ৰচনা প্ৰতিযোগিতাৰ “ক” শাখাৰ (নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ) বিষয় “অসমৰ জাতীয় জীৱনত সাহিত্য সভাৰ প্ৰাসংগিকতা” আৰু “খ” শাখাৰ (৫ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ) বিষয় হৈছে “সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা”৷
 
“ক” শাখাৰ ৰচনাৰ শব্দৰ সংখ্যা ১৫০০ আৰু “খ” শাখাৰ শব্দৰ সংখ্যা ৫০০ৰ ভিতৰত হ’ব লাগিব৷ এই প্ৰতিযোগিতাত সৰ্বমুঠ ১৫ হাজাৰ টকা নগদ ধন প্ৰদান কৰা হ’ব৷ আনহাতে, ইন্দ্ৰমোহন ডেকা সোঁৱৰণি অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা অসম সাহিত্য সভাত হ’ব৷ শ্ৰেষ্ঠ দুয়োটা দলক মুঠ ১৫ হাজাৰ টকাৰ নগদ ধন আৰু বটাঁ প্ৰদান কৰা হ’ব৷ মইনাৰাম ডেকা সোঁৱৰণি কবিতা আবৃতি প্ৰতিযোগিতাত “ক” শাখাত (নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ) নিৰ্বাচিত কবিতা হৈছে দেৱকান্ত বৰুৱাৰ “মোৰ দেশ মানুহৰ দেশ” আৰু “খ” শাখাৰ (নিম্ন শ্ৰেণীৰ পৰা ৮ম শ্ৰেণী) নিৰ্বাচিত কবিতা হৈছে কবি হীৰেন ভট্টাচাৰ্যৰ “মোৰ দেশ”৷ 

এই প্ৰতিযোগিতাত সৰ্বমুঠ ১৫ হাজাৰ টকাৰ নগদ ধনৰ বঁটা থাকিব৷ ভূমিধৰ বণিয়া সোঁৱৰণি চিত্ৰাংকন প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত হ’ব৷ “ক” শাখাৰ (৮মৰ পৰা ১০ম শ্ৰেণী) বিষয় “কাজিৰঙা”, “খ” শাখাৰ (৫ম শ্ৰেণীৰ পৰা ৭ম শ্ৰেণী) বিষয় “আমাৰ গাঁও” আৰু “গ” শাখাৰ (নিম্ন শ্ৰেণীৰ পৰা ৪ৰ্থ শ্ৰেণী) বিষয় স্বনিৰ্বাচিত হ’ব৷ এই প্ৰতিযোগিতাত মুঠ ১০ হাজাৰ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব৷ 

আনহাতে, সাধন সিং সোঁৱৰণি সাধু কোৱা প্ৰতিযোগিতা সৰ্বোচ্চ ১২ বছৰ বয়সৰ শিশুৰ মাজত অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাত ৮০০০ টকা নগদ ধন আৰু বঁটা থাকিব লগতে সাহিত্য সভাৰ অধিৱেশনত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি বিষয়ক শ্লোগান প্ৰদৰ্শন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব। 

নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰা প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে শ্লোগান প্ৰদৰ্শন কৰি প্ৰৱেশ কৰিব আৰু গ্ৰন্থমেলা উপ-সমিতিৰ কাৰ্যালয়ত প্লে'-কাৰ্ডসমূহ বিদ্যালয়ৰ নাম-ঠিকনাসহ জমা দিব লাগিব৷ এই প্ৰতিযোগিতাত তিনিখন শ্ৰেষ্ঠ বিদ্যালয়ক সন্মানিত কৰা হ’ব। আনহাতে, গ্ৰন্থমেলাত সৰ্বাধিক ২৫,০০০ টকা, ১৫,০০০ টকা আৰু ১০,০০০ টকাৰ গ্ৰন্থ ক্ৰয় কৰোতা তিনিগৰাকীক গ্ৰন্থমেলাৰ মঞ্চত সন্মানিত কৰা হ’ব। অধিবেশনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ জানিবৰ বাবে ফোন ৮০১১৭-২৪৫৯৩ নম্বৰত যোগাযোগৰ বাবে জনোৱা হৈছে।

Your Comments