নিজ মাতৃভাষাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠতম ভাষা : য়েছে দৰজে ঠংচি

নিজ মাতৃভাষাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠতম ভাষা : য়েছে দৰজে ঠংচি

"নিজ মাতৃভাষাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠতম ভাষা। প্ৰত্যেক জাতিক ভগৱানে একোটা ভাষা দিছে যাতে সেই জাতিয়ে বাসস্হানৰ পৰিৱেশ আৰু প্ৰকৃতি, জীৱ চৰাচৰ, নিজৰ জীৱন প্ৰণালীত প্ৰয়োজন হোৱা বয়বস্তু, কৃষ্টি-সংস্কৃতি, ধৰ্ম বিশ্বাস আদি সকলোকে সামৰি মনৰ ভাব প্ৰকাশ কৰিব পাৰে।" এই মন্তব্য বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ। গহপুৰ মহকুমাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী দৈমালু হাইস্কুল খেলপথাৰত যোৱা ২২ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৫৮সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজিৰ মুকলি সভাত মুখ্য অতিথিৰ অভিভাষণত বিশিষ্ট সাহিত্যিকগৰাকীয়ে এনেদৰে কয়।

বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় তথা সম্প্ৰতিৰ বাণীৰে সামৰণি পৰা অধিৱেশনখনৰ আজি দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাখনত আঠ পৃষ্ঠাৰ লিখিত ভাষণ প্ৰদান কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত অসমৰ বড়োসকলকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাতাম পুৰুষীয়া সমন্বয়-সম্প্ৰতিৰ গৌৰৱময় ইতিহাসৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

নিজ মাতৃভাষাই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠতম ভাষা : য়েছে দৰজে ঠংচি

বড়ো কবি, লেখকসকলক ভাগ্যৱান বুলি উল্লেখ কৰি ঠংচিয়ে কয় যে বড়োসকলে নিজ মাতৃভাষাত সাহিত্য সৃষ্টি কৰিব পাৰিছে, যিটো বহুতো জনজাতীয় লেখকৰ ভাগ্যত নঘটে। অকল সংবিধানৰ স্বীকৃতিয়েই নহয়, বড়ো ভাষা-সাহিত্যই ভাৰত চৰকাৰৰ সাহিত্য অকাডেমিৰ দৰে জাতীয় সাহিত্য অনুষ্ঠানৰ স্বীকৃতি লাভ কৰি উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে বুলিও বিশিষ্ট সাহিত্যিকগৰাকীয়ে মত প্ৰকাশ কৰে। বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু সাধাৰণ সম্পাদক প্ৰশান্ত বড়োৱে আঁতধৰা মুকলি সভাখনত নিৰ্দিষ্ট বক্তা তথা অতিথিৰ মনোগ্ৰাহী ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে মাতৃভাষা নাজানিলে কোনো ব্যক্তিয়েই জাতীয় চেতনাৰে উদ্বুদ্ধ হ'ব নোৱাৰে। ৰাজবংশীয়ে নিজৰ ভাষণ প্ৰসংগত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতিক সন্মিলিতভাৱে আগবঢ়াই নিয়াৰ পোষকতা কৰে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল গীত-নৃত্যৰে মুখৰিত হৈ পৰা তথা হাজাৰ হাজাৰ লোক উপস্থিত থকা মুকলি সভাখনত নিৰ্দিষ্ট বক্তা তথা অতিথিৰ নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সকলো জাতি-জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতিক সমানে আগুৱাই নিলেহে সকলোৰে ভাল হ'ব বুলি মন্তব্য কৰে। বৰ্তমান অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো জাতি-জনগোষ্ঠীক লৈ আগবাঢ়ি গৈছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত বিটিচি প্ৰধান মহিলাৰীয়ে কয়, মুখ্য মন্ত্ৰী সোণোৱাল ল'ৰা ৰজা নহয়, জ্ঞানী ৰজাহে, যি যোৱা আঢ়ৈটা বছৰত বহুত কাম কৰিছে। অহা ১০ ফেব্ৰুৱাৰীত বড়ো আন্দোলনৰ ছহিদসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি মহিলাৰীয়ে অসমৰ অন্যান্য একাধিক ঠাইৰ লগতে গহপুৰতো বডোফা উপেন ব্ৰহ্মৰ প্ৰতিমূৰ্তি আৰু প্ৰেক্ষাগৄহ স্হাপন কৰা হ'ব বুলি ৰাইজক অৱগত কৰে।

গাম্ভীৰ্যপূৰ্ণ সভাখনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে সাৱলীল ভাষণ প্ৰদান কৰি অসমৰ সকলো জাতি-জনগোষ্ঠীৰে সম্পদ আৰু সম্ভৱনীয়তা আছে বুলি উল্লেখ কৰি সকলো একেলগে আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। গোস্বামীয়ে বড়ো সাহিত্য সভাৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে মুখ্য মন্ত্ৰীয়ে ১ কোটি টকা আগবঢ়াব বুলিও ৰাইজক অৱগত কৰে। মন্ত্ৰী চন্দন ব্ৰহ্ম, সাংসদ বিশ্বজিত দৈমাৰী, বিধায়ক উৎপল বৰা, কমলসিং ব্ৰহ্মসহ একাধিক বিশিষ্ট তথা গণ্য-মান্য ব্যক্তি উপস্থিত থকা মুকলি সভাখনৰ পূৰ্বে পুৱা ৯ বজাৰ পৰা একতা আৰু ভাতৃত্ববোধৰ বাণীৰে অনুষ্ঠিত হোৱা বড়ো ৰাইজ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতি-গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীয়ে দৈমালু হাইস্কুল খেলপথাৰক সমন্বয় ক্ষেত্রত পৰিণত কৰে।

Your Comments