চেঙাৰ পৰা সুৰজিৎ পাঠক
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা আৰু বাতিলৰ দাবীত ৭০টা সংগঠনৰ আহ্বানমৰ্মে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজদিয়া-চতলা আঞ্চলিক সমিতিৰ উদ্যোগত বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চতলাত এক প্ৰতিবাদী জোঁৰ সমদল উলিওৱা হয়। প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। কৃষক মুক্তিৰ নেতা দণ্ডীনাথ বৰ্মনে এইখন বিধেয়কৰ বিৰুদ্ধে গৰজি উঠি এই বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰ সংগ্ৰামখন শৰাইঘাটৰ শেষ ৰণ বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাক মৌলবাদী আখ্যা দিয়ে কৃষক নেতা দণ্ডীনাথ বৰ্মনে। দুটা ধৰ্মৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্যৰে উচটনি প্ৰদান কৰাৰ লগতে ক'লা পতাকা প্ৰদৰ্শনকাৰীক বিজেপিৰ কৰ্মী লগাই এই আন্দোলনক বাধা দিয়া কাৰ্যক গৰিহণা দি হিমন্ত বিশ্ব শৰ্মাক সকীয়নি প্ৰদান কৰে দণ্ডীনাথ বৰ্মনে।
- Log in to post comments
- 10 views