বিটিচিৰ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী উত্তৰাঞ্চলৰ জনসাধাৰণে যুগ যুগ ধৰি বিপদ সংকুলভাৱে আই, নাঙলভাঙা, আই পোৱালি নৈ পাৰাপাৰ হৈ প্ৰাত্যহিক জীৱন-যাত্ৰা কৰিছিল যদিও অঞ্চলবাসী ৰাইজৰ এই বিপদ সংকুল যাত্ৰাৰ যেন অৱসান হ'বলৈ গৈ আছে। কাৰণ এতিয়া নিৰ্মাণ হ'ব দলং৷ ইয়াৰ অংশ হিচাপে আজি জিলাখনৰ উত্তৰাঞ্চলৰ বেংতলৰ ওচৰৰ টুক্ৰাঝাৰ আৰু আই পোৱালি গাঁৱৰ মাজত পকী দলঙৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চল পৰিষদ উন্নয়নৰ ধনেৰে ৬৯ কোটি টকা ব্যয়সাপেক্ষ প্ৰায় ৯০০ মিটাৰ দীঘল এই দলংখনৰ আধাৰশিলা স্থাপন কৰাৰ পাছত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এখন ৰাজহুৱা সভাতো অংশ লয়৷ বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে আঁতধৰা অনুষ্ঠানত ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দন ব্ৰহ্মই কয় যে জিলাখনৰ আই নৈৰ ওপৰত খাগ্ৰাবাৰী-তুলসীঝোৰাৰ মাজত উত্তৰ-পূবৰ গ্ৰাম্য পথৰ দীৰ্ঘতম পকী দলং (হাগ্ৰামা দলং) স্থাপনে জিলাখনৰ ভূটান সীমান্ত পৰ্যন্ত ৰাইজৰ যাতায়াত-যোগাযোগ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
এতিয়া আই নৈৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণ হৈ উঠিলে বেংতল, টুক্ৰাঝাৰ, আই পোৱালি, পাটাবাৰী, নাঙলভাঙাকে ধৰি বিটিচিৰ নিছিমা আৰু চিৰাং দুৱাৰ সমষ্টিৰ লোকৰ যাতায়াত-যোগাযোগত ব্যাপক সুবিধা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ উল্লেখ্য যে বাৰিষাৰ বতৰত নদীদ্বীপত পৰিণত হোৱা এই বৃহৎ নিছিমা অঞ্চলৰ প্ৰায় শতাধিক গাঁৱৰ জনসাধাৰণৰ জীৱন ৰেখা সদৃশ আই নদীৰ ওপৰত নিৰ্মাণ হ'বলগীয়া এই দলঙৰ আধাৰশিলা স্থাপন হোৱাত উৎফুল্লিত হৈ পৰে সীমান্ত অঞ্চলবাসী। অহা দুবছৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব বুলি বিভাগীয় সূত্ৰে জানিব পৰা গৈছে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে পৰৱৰ্তী উন্নয়ন আঁচনিৰ ধন আহিলে নাঙলভাঙাতো এখন পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ একেদৰে বিটিচিৰ বেঁকী, পাগলাদিয়া নৈৰ ওপৰতো নতুনকৈ পকী দলং নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ নিজৰ ভাষণত কয়৷
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ লগত থকা হেতুকে বিটিচিয়ে উন্নয়নৰ দিশত সহায় লাভ কৰা বুলি উল্লেখ কৰি মহিলাৰীয়ে চিৰাঙত ফৰেষ্ট স্কুল, কোকৰাঝাৰত স্প'ৰ্টছ কলেজ, বিটিচিত ৰে'ল বিভাগে প্ৰদান কৰা 'আৰণাই ছুপাৰ ফাষ্ট যাত্ৰীবাহী ৰে'ল'খন শিলিগুৰিৰ পৰা মুৰ্ককচেলেঙলৈ চলোৱাৰ ব্যৱস্থা কৰিব বুলি প্ৰস্তুতি চলোৱাৰ কথা ব্যক্ত কৰে৷ নতুনকৈ কোকলাবাৰীত কৃষি বিশ্ববিদ্যালয়, ওদালগুৰিত অভিযান্ত্ৰিক কলেজ, কোকৰাঝাৰত সৈনিক স্কুল স্থাপনত গুৰুত্ব প্ৰদান কৰাৰ কথাও তেওঁ লগতে ব্যক্ত কৰে৷ ভাষণত মহিলাৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলক সহায় কৰিবলৈ আহ্বান জনায়৷ লগতে আগন্তুক বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ মুঠ ৪০টা পৰিষদীয় সমষ্টিৰ পৰা ৬০টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰাৰ কথাও ব্যক্ত কৰি ইয়াৰ ৮টা সমষ্টি ৰাজবংশী আৰু আদিবাসীৰ বাবে ১২টা সমষ্টি অন্য জাতি-গোষ্ঠীৰ মাজত নতুনকৈ সৃষ্টি কৰাৰ কথাও ব্যক্ত কৰে৷ অনুষ্ঠানত বিটিচিৰ উপ-মুখ্য সচিব ৰবিনচন মুছাহাৰী, প্ৰাক্তন বিধায়ক ক্ষীৰেণ বৰগয়াৰী, বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জেমছ বসুমতাৰীসহ বহুসংখ্যক চৰকাৰী বিষয়া আৰু সীমান্তৱৰ্তী অঞ্চলৰ শতাধিক গাঁৱৰ কে'বা হেজাৰ লোক উপস্থিত থাকে৷ এই অনুষ্ঠানত স্থানীয় শিল্পীসকলে গীত-নৃত্য পৰিৱেশন কৰে৷
- Log in to post comments
- 25 views