ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
ভোটৰ স্বাৰ্থত বাংলাদেশীক মাতি আনি "নাগৰিকত্ব" দিলেও অপৰাধ নহয়, কিন্তু অসম আৰু অসমীয়াৰ স্বাৰ্থত লখিমপুৰৰ ল'ৰাই পাঠশালাত আহি "ক'লা পতাকা" দেখুৱালে হয় অপৰাধ। এনে হিটলাৰী শাসন অসমত কাহানিও হোৱাৰ নজিৰ নাই। এই মন্তব্য সদৌ অসম খিলঞ্জীয়া ছাত্র সন্থা চমুকৈ "আকছু"ৰ সভাপতি ইয়াহইয়া বৰভূঞা'ৰ। এক প্ৰেছ বাৰ্তাত তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই অসমত গুণ্ডাৰাজ আৰম্ভ কৰিছে। নিজৰ অসুৰক্ষিত ৰাজনৈতিক ভৱিষ্যতলৈ লক্ষ্য কৰি এনে অৰাজকতা আৰম্ভ কৰিছে। ক'লা পতাকা প্ৰদৰ্শন কৰাটো কোনো অগণতান্ত্ৰিক কাৰ্য নহয়। বৰং ক'লা পতাকা প্ৰদৰ্শন কৰা প্ৰতিবাদী ল'ৰাক গ্ৰেপ্তাৰ কৰি শাৰীৰিকভাৱে আক্ৰমণ কৰা এটা অগণতান্ত্ৰিক কাণ্ড। এয়া প্ৰতিবাদী জনতাৰ কণ্ঠৰুদ্ধ কৰাৰ ষড়যন্ত্ৰ।
হিমন্ত বিশ্ব শৰ্মাই এনে কাণ্ডৰে নিজৰ মতিভ্ৰম ঘটাৰ পৰিচয় দিছে। বৰভূঞাৰ মতে- হিমন্ত বিশ্বই ধৰ্মক লৈ ৰাজনীতি কৰাৰ বিকল্প দেখা নাই। সেয়ে তেওঁৰ মুখত উন্নয়নৰ পৰিৱৰ্তে কেৱল হিন্দু আৰু মুছলমানৰ গল্প৷ শেহতীয়াভাবে তেওঁ আৰ এছ এছৰ অধিক প্ৰিয় হ'বলৈ দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰকো "এক সাংবিধানিক শব্দহে" বুলি তৰল মন্তব্য কৰিছে। নাগৰিকত্ব (সংশোধনী) বিধেয়কবিৰোধী আন্দোলন স্তব্ধ কৰিবলৈ হিমন্ত বিশ্বই "মইনবড়ী সত্ৰ"খনকেই শেহতীয়াকৈ অস্ত্ৰ হিচাপে বাছি লৈছে। চৰকাৰী তথ্যমতে, অসমৰ মুঠ ৪৫৬খন সত্ৰৰ মাত্ৰ ৮খনতহে আছে বেদখল৷ আৰু এই ৮খনৰ ভিতৰত কেৱল যোৰহাটতে বেদখল হৈ আছে ৩খন সত্ৰ৷
যি ৩খনত এজনো মুছলমানৰ বেদখল নাই। হিমন্ত বিশ্বই মুছলমানে সত্ৰবোৰৰ মাটিবোৰ বেদখল কৰা বুলি এক আৱেগ সৃষ্টিৰে অসমত হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ এটা লগাব বিচাৰিছে। সত্ৰৰ মাটি বেদখলমুক্ত কৰাটো চৰকাৰৰ দায়িত্ব৷ হিন্দুৱে হওক বা মুছলমানেই হওক, তথাকথিত বিদেশীয়েই হওক বা কোনো খিলঞ্জীয়াই হওক, সেইসকলৰ পৰা সত্ৰসমূহৰ লগতে ৱাকফ ব'ৰ্ডৰ মাটিবোৰো বেদখলমুক্ত কৰিব লাগে। আৰু সেই কাম কৰাৰ দায়িত্ব চৰকাৰৰ। তাকে কৰিব নোৱাৰিলে চৰকাৰৰ মন্ত্ৰী হৈ থকাতকৈ হিমন্ত বিশ্বই পদত্যাগ কৰিব লাগে।
প্ৰেছ বিবৃতিটোত বৰভূঞাই আৰু কয় যে হিমন্ত বিশ্বৰ এনে চক্ৰান্ত অসমৰ ৰাইজৰ বুজিবলৈ বাকী নাই। তেওঁ যে সত্ৰৰ নামত আৱেগ সৃষ্টি কৰি নাগৰিকত্ব (সংশোধনী) বিধেয়কবিৰোধী আন্দোলনক স্তব্ধ কৰিবলৈ এই হিন্দু- মুছলমান খেল খেলি আছে সেয়া আমি ভালকৈ উপলব্ধি কৰিব পাৰিছোঁ৷ যিকোনো পৰিস্থিতিত অসমীয়াই নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰি যাব। বিধেয়কখন গৃহীত হ'লে হিমন্ত বিশ্বই অসমত বিচৰণ কৰিবলৈ বাট বিচাৰি নাপাব। হিটলাৰৰ দৰে আত্মহত্যা কৰিবলৈ বাধ্য হ'ব বুলি প্ৰেছ বিবৃতিত আকছুৰ সভাপতি বৰভূঞাই দাবী কৰে৷
- Log in to post comments
- 28 views