বৰপেটাৰোডৰ পৰা ৰণজিত কুমাৰ তালুকদাৰ
শতবর্ষ গৰকা অসমৰ গৌৰৱোজ্জ্বল জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ দশম বিশেষ বার্ষিক ৰহা অধিৱেশনখনি অহা ৩১ জানুৱাৰি, ১, ২ আৰু ৩ ফেব্ৰুৱাৰি তাৰিখে বর্ণাঢ্য কাৰ্যসূচীৰে নগাঁও জিলাৰ ৰহাৰ ‘জোঙাল বলহু সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ'ব। জাতীয় জীৱনৰ গভীৰ সংকটকালত এইবেলিৰ অধিৱেশনখনি গতানুগতিকতাৰ পৰা ঊৰ্ধ্বলৈ নি অসমৰ বৃহত্তৰ অসমীয়া জাতি, অসমীয়া ভাষা আৰু খিলঞ্জীয়া মাতৃভাষাৰ শত্ৰুসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্রতিৰোধ গঢ়িব পৰাকৈ অসমৰ সকলো জনজাতীয়-জনগোষ্ঠীয় সাহিত্য সভা, ছাত্র-সংগঠন, অসমৰ হকে সদায় মাত মাতি অহা জাতীয় সংগঠনসমূহৰ এখন উমৈহতীয়া জাতীয় মঞ্চলৈ ৰূপান্তৰিত কৰাৰ হাবিয়াস কৰা হৈছে।
সেইকাৰণে অসমক ভালপোৱা আৰু অসমৰ সুৰক্ষাৰ হকে মাত মতা জাতীয় সংগঠনসমূহৰ সন্মানীয় বিষয়ববীয়া/প্রতিনিধিক অধিৱেশনলৈ সাদৰেৰে সবিনয়ে আমন্ত্রণ জনোৱা হৈছে। অনুৰূপে সংকটমোচনৰ পথ নির্ণয়ৰ ক্ষেত্ৰত নিজৰ দায়বদ্ধতা দাঙি ধৰিবৰ বাবে ৰাজনৈতিক দল-সংগঠনসমূহকো অধিৱেশনত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
কাৰ্যসূচী অনুসৰি ১ ফেব্ৰুৱাৰিত পুৱা ৮.৪৫ বজাত সভাৰ ঐতিহ্যমণ্ডিত মূল পতাকা উত্তোলন কৰিব সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে। সেইদিনা ১.৩০ বজাত অনুষ্ঠিত হ'বলগীয়া ‘জিলিকাব লুইতৰে পাৰ’ শীর্ষক জনগোষ্ঠীয় যুৱ-ছাত্র সন্মিলনত অসমৰ সকলো ছাত্র-যুৱ সংগঠনৰ সভাপতি-সম্পাদকসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হৈছে। বিয়লি ৩.৩০ বজাত অনুষ্ঠিত হ'বলগীয়া 'জাতীয় বৌদ্ধিক কোষ সন্মিলন’লৈ অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ উপাচার্যসকলৰ লগতে ৰাজ্যখনৰ এচাম বুদ্ধিজীৱী-শিক্ষাবিদ, গৱেষক-সাহিত্যিকক আমন্ত্রণ জনোৱা হৈছে।
২ ফেব্ৰুৱাৰিৰ পুৱা ১১.৩০ বজাত অসমৰ বিভিন্ন জনজাতীয় আৰু জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিসকলৰ সৈতে অসম সাহিত্য সভাৰ সভাপতিয়ে অংশগ্রহণ কৰিবলগীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব সভাৰ প্রাক্তন সভাপতি, পদ্মশ্রী ৰংবং তেৰাঙে। সেইদিনা ১.০০ বজাত অনুষ্ঠিত হ'বলগীয়া প্রথম মুকলি অধিৱেশন উদ্বোধন কৰিব নাগালেণ্ডৰ ৰাজ্যপাল পদ্মনাভ বালকৃষ্ণ আচার্যই। এই অধিবেশনলৈ মুখ্য অতিথিৰূপে সাহিত্য অকাডেমিৰ সভাপতি, জ্ঞানপীঠ বঁটাপ্রাপক তথা কন্নড় সাহিত্যিক চন্দ্ৰশেখৰ কাৰক আমন্ত্রণ জনোৱা হৈছে।
এই মুকলি অধিবেশনত অসমৰ বিভিন্ন জনজাতীয়-জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিসকল সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব। ৩ ফেব্ৰুৱাৰিত পুৱা ১১.৩০ বজাত সাহিত্য অকাডেমিৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া ‘মাতৃভাষা আৰু জাতীয় ঐক্য' শীর্ষক আলোচনা-সত্ৰত প্রসিদ্ধ বাংলা সাহিত্যিক ডঃ ৰামকুমাৰ মুখোপাধ্যায় আৰু হিন্দী সাহিত্যিক অৰুণ কমলক বিশিষ্ট বক্তা হিচাপে আমন্ত্রণ জনোৱা হৈছে। দিনৰ ১.০০ বজাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় মুকলি অধিৱেশনখনি উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ডঃ ধ্রুবজ্যোতি বৰাই।
এই অধিৱেশনত অসমৰ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল, অৰুণাচলৰ মুখ্য মন্ত্রী প্ৰেমা খাণ্ডু, কেন্দ্রীয় গৃহ বিভাগৰ ৰাজ্যিক মন্ত্রী কিৰেন ৰিজিজু, অসমৰ স্বাস্থ্য আৰু বিত্তমন্ত্রী ডঃ হিমন্তবিশ্ব শর্মা, শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্য, জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ডঃ শ্বাহ মহম্মদ তনভীৰ মনচুৰ, বাংলাদেশ তথা আন ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট শিল্পী-সাহিত্যিকক আমন্ত্রণ জনোৱা হৈছে।
উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইবাগৰাকী মুখ্য মন্ত্ৰী সমন্বিতে কেইবাজনো শিল্পী-সাহিত্যিক আৰু ইউনেস্ক'ৰ অসম শাখাৰ কাৰ্যবাহী সঞ্চালক অশ্বিনী কুমাৰ শৰ্মাৰ লগতে আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়ালৈ নিমন্ত্ৰণ আগবঢ়োৱা হৈছে। এই ৰহা অধিৱেশনৰ সমূহ কাৰ্যসূচীত উপস্থিত থাকি অধিৱেশনখনি সর্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ জনাইছে আদৰণী সমিতিয়ে৷
- Log in to post comments
- 249 views