বাজেট সম্পৰ্কত সৰ্বসাধাৰণ ৰাইজেও আগবঢ়াব পাৰিব পৰামৰ্শ

বাজেট সম্পৰ্কত সৰ্বসাধাৰণ ৰাইজেও আগবঢ়াব পাৰিব পৰামৰ্শ

ৰাজ্য চৰকাৰৰ আগন্তুক বাজেট অধিৱেশনত বাজেট প্ৰস্তুত সন্দৰ্ভত ৰাইজৰ দিহা-পৰামৰ্শ বিচাৰি ৰাইজৰ মতামতক গুৰুত্ব দিয়াৰ মানসেৰে বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেলত জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে প্ৰকাশ কৰা মতে, আগন্তুক বাজেটত কৃষি, স্বাস্থ্য, শিক্ষা, কন্যা সন্তান, আইন-শৃংখলা, সাংস্কৃতিক ঐতিহ্য, উদ্যোগ, শিশু, অৰ্থনৈতিক, বন আদি বিভিন্ন বিষয়ত বাজেট প্ৰস্তুত সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজ, জ্যেষ্ঠ নাগৰিক, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা সাংবাদিকৰো যদি কিবা পৰামৰ্শ থাকে সেইবোৰ নিৰ্দিষ্ট প্ৰ-পত্ৰৰ জৰিয়তে জনাব পাৰিব৷

এই প্ৰ-পত্ৰসমূহ আজিৰে পৰা বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়, বঙাইগাঁও কোষাগাৰ, উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয় আৰু অভয়াপুৰী উপ-কোষাগাৰত উপলব্ধ হ'ব৷ এই সন্দৰ্ভত কাইলৈ বিভিন্ন মহাবিদ্যালয়ত গৈ প্ৰ-পত্ৰ বিতৰণ কৰাৰ লগতে  উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জ্যেষ্ঠ নাগৰিকসকলৰ লগত এখন সভাও অনুষ্ঠিত কৰিব৷ উল্লেখ্য যে শ্ৰেষ্ঠ পৰামৰ্শ আগৱঢোৱা তিনিজনক পুৰস্কাৰ প্ৰদান কৰা হ'ব৷ পৰামৰ্শ আগবঢ়াব বিচৰাসকলে নিৰ্দিষ্ট প্ৰ-পত্ৰত নিজৰ পৰামৰ্শ লিখি অহা ২৫ জানুৱাৰীৰ ভিতৰত উপৰোক্ত কাৰ্যালয়সমূহত ৰখা ড্ৰপ বক্সত জমা দিব লাগিব৷

প্ৰ-পত্ৰ অনলাইনতো উপলব্ধ হ'ব৷ ইয়াৰ বাবে https://finance.assam.gov.in ৱেবছাইট বা Twitter.com( My Gov Assam#Assam Budget2019) টুইটাৰ একাউণ্টযোগেও নিজৰ দিহা-পৰামৰ্শ জনাব পাৰিব বুলি কয়৷ বাজেট সম্পৰ্কত ৰাইজে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে পৰামৰ্শ আগবঢ়াব পাৰিব৷ সংবাদমেলত বঙাইগাঁও কোষাগাৰৰ কোষাগাৰ বিষয়া ধীৰেন চন্দ্ৰ কলিতা, আন এগৰাকী বিষয়া লেখা দাস আৰু অভয়াপুৰী উপ-কোষাগাৰৰ কোষাগাৰ বিষয়া ধ্ৰুৱজ্যোতি শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনুৰাণী ৰাজবংশী উপস্থিত থাকে৷

Your Comments