বিশ্বনাথত অৰ্ধ-উলংগ প্ৰতিবাদ : দুটাকৈ সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল ৰাজপথ-উপায়ুক্তৰ কাৰ্যালয়

১

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এইবাৰ বিশ্বনাথত অন্তৰ্বাস পিন্ধি সাব্যস্ত কৰে প্ৰতিবাদ৷ বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৩জন সচেতন যুৱকৰ এই প্ৰতিবাদ৷ চতিয়াৰ যুৱক হেমন্ত শইকীয়াই অন্তৰ্বাস পিন্ধি সাব্যস্ত কৰে প্ৰতিবাদ৷ লগত অৰ্ধ-উলংগ অৱস্থাত আছিল ভুৱন দাস আৰু ভাৰত কাকতি।

১

 ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা গোর্খা সন্মিলন, বিশ্বনাথ জিলা নেপালী সাহিত্য সভা আৰু বিশ্বনাথ জিলা আগছুৰ আঞ্চলিক সমিতিসমূহৰ সহযোগত আজি বিশ্বনাথ চাৰিআলিত জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

৩

ভাৰতীয় সংবিধানৰ মূল ভেটি ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰত পোনপটীয়াকৈ কুঠাৰাঘাত কৰা চৰকাৰৰ এই কাৰ্যৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজপথ কঁপাই তোলাৰ লগতে ভাৰত চৰকাৰৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে| আনহাতে, পুৱা ১১ বজাৰ পৰা ১ বজালৈকে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ, বিহালী, গহপুৰ আৰু নদুৱাৰ শাখাৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰা, অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে দাবী জনাই ধৰ্ণা কাৰ্যসূচী পালন কৰে|

৩

২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ লগতে আগছুৱে ৰাজপথত প্ৰতিকৃতি দাহ কৰা প্ৰতিবাদী কণ্ঠক আগন্তুক সময়ত চৰকাৰে কেনেধৰণে গুৰত্ব দিয়ে সেয়া হ'ব লক্ষণীয়।

 

Your Comments