নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লংকা তিনিআলিত জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লংকা তিনিআলিত জোঁৰ সমদল

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে উত্তাল প্ৰতিবাদ| বিধেয়ক বাতিলৰ দাবীত ক'ৰবাত যদি ৰাজপথ অৱৰোধেৰে সাব্যস্ত কৰিছে প্ৰতিবাদ, আন ক'ৰবাত আকৌ জোঁৰ সমদল উলিয়াই ৰাজপথলৈ ওলাই আহিছে সকলো৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লংকা তিনিআলিত জোঁৰ সমদল

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে লংকাৰ তিনিআলিত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে| উদালি তিনিআলি সচেতন নাগৰিক মঞ্চ, আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, লংকা নাগৰিক সমাজকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰায় ৩ শতাধিক লোকে লংকা তিনিআলিৰ পৰা ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জোঁৰ সমদল উলিওৱা হয়৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লংকা তিনিআলিত জোঁৰ সমদল

প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিজেপি মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানৰে ৰাজপথ উত্তাল কৰি তোলে৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লংকা তিনিআলিত জোঁৰ সমদল

লগতে এই বিধেয়কখন শীঘ্ৰে বাতিল নকৰিলে অনাগত দিনত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে৷

Your Comments