ৰাজকমল চাংকাকতি
প্ৰতিটো যুগতে অসমীয়াই গৌৰৱ কৰি যাব এই মহান ব্যক্তিজনক স্মৰণ কৰি। যুগে যুগে তেওঁ অসমীয়াৰ বাবে এক আদৰ্শ ব্যক্তিত্ব। এই মহানজনৰ অতুলনীয় পাণ্ডিত্য, অধ্যৱসায়, জাতিপ্ৰেমে তেওঁক অমৰত্ব প্ৰদান কৰিছে। আজি মৃত্য দিৱসত স্মৰণ কৰিছোঁ পণ্ডিতপ্ৰবৰ আনন্দৰাম বৰুৱাক। স্মৰণ কৰিবলৈ ওলাইছোঁ বিশ্ববিশ্ৰুত সংস্কৃত পণ্ডিতজনক।
আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল নয়নাভিৰাম প্ৰাকৃতিক পৰিৱেশৰ, লুইতৰ পাৰৰ উত্তৰ গুৱাহাটীত। আহোম যুগৰে
পৰা প্ৰখ্যাত মজিন্দাৰ বৰুৱা বংশত জন্ম তেওঁৰ। সমাজৰ সন্মানীয় ব্যক্তি গৰ্গৰাম বৰুৱাৰ ঔৰসত আৰু দুৰ্ল্লভেশ্বৰী বৰুৱাৰ গৰ্ভত ১৭৭২ শকৰ জেঠ মাহত (১৮৫০ চনত) আনন্দৰামে জন্মগ্ৰহণ কৰিছিল। চাৰিজন পুত্ৰ সন্তানৰ মাজৰ তৃতীয় আনন্দৰামে সৰুৰে পৰাই উচ্চ খাপৰ মেধাৰ পৰিচয় দিছিল। সৰুতে ঘৰতে অধ্যাপকৰ পৰা সংস্কৃতৰ শিক্ষা গ্ৰহণ কৰাৰ লগতে গুৱাহাটীৰ গভৰ্ণমেন্ট স্কুলত ইংৰাজী অধ্যয়ন কৰিছিল। আনন্দৰাম বৰুৱাই এণ্ট্ৰেন্স উত্তীৰ্ণ হৈ জলপানী লাভ কৰি কলকাতাৰ বিখ্যাত প্ৰেছিডেন্সী কলেজত নামভৰ্তি কৰিছিল।
তীক্ষ্ণ মেধাসম্পন্ন বৰুৱাই এইখন মহাবিদ্যালয়ৰ পৰাই সুখ্যাতিৰে প্ৰথম বিভাগত এফ এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী পৰ্যায়ত প্ৰেছিডেন্সী কলেজৰ পৰাই প্ৰশংসনীয় শৈক্ষিক সফলতাৰে ১৮৬৯ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হৈ 'ষ্টেট স্ক'লাৰশ্বিপ' আৰু 'গিলখ্ৰীষ্ট স্ক'লাৰশ্বিপ' লাভ কৰিছিল। মাহে ৫০০ টকাৰ উক্ত বৃত্তিৰ ধন লাভ কৰি বৰুৱা উচ্চ শিক্ষা আহৰণৰ বাবে ইংলেণ্ডলৈ ৰাওনা হৈছিল। ইংলেণ্ডতো অপূৰ্ব মেধাৰ প্ৰমাণ দাঙি ধৰি তেওঁ তিনিটা বছৰত চাৰিটা গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইংলেণ্ডত তিনি বছৰ থাকি বৰুৱাই চিভিল ছাৰ্ভিচ, বি এছ চি, এল এল বি আৰু বেৰিষ্টাৰ এট ল' পৰীক্ষাত সফলতা অৰ্জনেৰে বিৰল কৃতিত্ব প্ৰদৰ্শন কৰিছিল। বৰুৱাৰ এনে অসাধাৰণ মেধাত তেওঁৰ সহপাঠীসকলে আশ্চৰ্য অনুভৱ কৰিছিল।
চিভিল ছাৰ্ভিচ পৰীক্ষাত প্ৰথম বিভাগত দ্বিতীয় স্থান লাভ কৰি ভাৰতৰ পঞ্চমজন চিভিলিয়ানত পৰিগণিত হোৱা আনন্দৰাম বৰুৱা ১৮৭২ চনত ভাৰতলৈ উভতি আহে। তেওঁ শিৱসাগৰ জিলাত এছিষ্টেণ্ট কমিছনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত বৰুৱাই বঙ্গ প্ৰদেশৰ বহু স্থানত জইণ্ট মেজিষ্ট্ৰেট হিচাপে নীতিনিষ্ঠভাৱে দায়িত্ব পালন কৰিছিল। ইয়াৰ পিছত তেওঁ বঙ্গৰ নোৱাখালি জিলাত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰিছিল। নোৱাখালিত আনন্দৰাম বৰুৱাই এজন মানৱদৰদী প্ৰশাসক হিচাপে সুখ্যাতি অৰ্জন কৰিছিল।
বহু দৰিদ্ৰ মানুহক আর্থিকভাৱে অথবা খাদ্য যোগানেৰে তেওঁ জনতাৰ হৃদয় জয় কৰিছিল। বৰুৱাই বহু দৰিদ্ৰ ছাত্ৰক অধ্যয়নৰ বাবে ধন প্ৰদানেৰে সহায় কৰিছিল। আনন্দৰাম বৰুৱাই কেৱল এজন প্ৰশাসক হৈয়ে সন্মান আৰু আড়ম্বৰপূৰ্ণ জীৱন অতিবাহিত কৰিবলৈ পাৰিলেহেঁতেন। কিন্তু তেওঁ অশেষ কষ্ট স্বীকাৰ কৰি হ'লেও সংস্কৃত সাহিত্যক সমৃদ্ধ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যি তেওঁৰ মহানতাৰো প্ৰমাণ কৰিছিল।
প্ৰশাসকৰ গধুৰ দায়িত্ব বহন কৰাৰ সময়তে আনন্দৰাম বৰুৱাই ইংৰাজীৰ পৰা সংস্কৃত অভিধান, সংস্কৃত উচ্চ ব্যাকৰণ, ভৱভূতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ স্থান (ইংৰাজী গ্ৰন্থ, ১৮৭৮), A Companinon to the Sanskrit-reading undergraduates of the Calcutta University (1880) শীৰ্ষক গ্ৰন্থখনো তেওঁ ৰচনা কৰি উলিয়াইছিল। Ancient Geography of India (1880) শীৰ্ষক গ্ৰন্থখনো তেওঁ ৰচনা কৰিছিল। সংস্কৃত সাহিত্যলৈ বৰুৱাৰ অসামান্য অৱদানৰ বিশ্ববিখ্যাত জাৰ্মান পণ্ডিত মেক্সমূলাৰেও অতিকৈ শলাগ লৈছিল।
আনন্দৰাম বৰুৱাৰ স্বাধীনচিতীয়া স্বভাৱৰ বিষয়েও উল্লেখ নকৰিলে নহ'ব। যদিও বৰুৱাই ইংৰাজ শাসনকৰ্তাৰ অধীনত কাৰ্যনিৰ্বাহ কৰিছিল, তেওঁ নিজৰ আত্মসন্মানক সদায় সৰ্বোচ্চ স্থানত ৰাখিছিল। আত্মসন্মান থকা এজন অসমীয়া হিচাপে তেওঁ একাধিকবাৰ ব্ৰিটিছ উচ্চ পদস্থ বিষয়াৰে সংঘাতত লিপ্ত হৈছিল। আত্মসন্মানক উচ্চ স্থান দিয়েই তেওঁ শিৱসাগৰ জিলাৰ পৰা বঙ্গ প্ৰদেশলৈ বদলি হৈ গৈছিল।
প্ৰথম অসমীয়া স্নাতক আৰু চিভিলিয়ান, অসম গৌৰৱ আনন্দৰাম বৰুৱাৰ অকাল বিয়োগ অসমীয়া জাতিৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ বাবেও বিৰাট ক্ষতি হিচাপে চিহ্নিত হৈছিল। সংস্কৃত ভাষা-সাহিত্যৰো গভীৰ ক্ষতিসাধন হৈছিল। ১৮৮৯ চনৰ জানুৱাৰী মাহ (৫ মাঘ)ত এই মহান পণ্ডিতজনৰ কলকাতাৰ বালিগঞ্জত মৃত্যু হয়। ১৮৮৭ চনৰ পৰা পক্ষাঘাত ৰোগত ভুগি থকা বৰুৱাই বন্ধু তাৰকনাথ পালিতৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ ৩৯ বছৰ। আনন্দৰাম বৰুৱাৰ অকাল বিয়োগত অসমীয়া সচেতন সমাজ শোকাভিভূত হৈ পৰাৰ লগতে পণ্ডিত মেক্সমূলাৰো শোকাৰ্ত হৈ পৰিছিল। আনন্দৰামক সুঁৱৰি তেওঁ বাতৰিকাকতত বক্তব্য প্ৰকাশ কৰিছিল। পাণ্ডিত্যৰ লগতে অসমীয়া জাতিপ্ৰেম, নীতিনিষ্ঠ কৰ্মপ্ৰণালী, অধ্যৱসায়, আত্মসন্মানক উচ্চ স্থান, মানৱতাবাদী আদৰ্শৰ বাবেও আনন্দৰাম বৰুৱা অসমীয়াৰ বাবে চিৰস্মৰণীয় আৰু আদৰ্শ ব্যক্তিত্ব।
- Log in to post comments
- 189 views