লছ এঞ্জেলছৰ ছবি মহোৎসৱত উজলিল বিদ্যুৎ কটকীৰ 'শৈশৱতে ধেমালিতে'

শৈশৱতে ধেমালিতে

অসমৰ ছবি জগতলৈ ভাল খবৰ ! লছ এঞ্জেলছত অনুষ্ঠিত ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত বিদ্যুৎ কটকীৰ 'শৈশৱতে ধেমালিতে' ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে । অসমীয়া ছবিখনৰ দীপান্বিতা শৰ্মাই শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অনুৰাগ শইকীয়াই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে।

film

৩৬খন দেশৰ ১৫০খনৰো অধিক চিনেমাৰ ভিতৰত অসমৰ চিনেমা উজলি উঠিল। এই সন্দৰ্ভত বিদ্যুৎ কটকীৰ মন্তব্য, "আমি বিশ্বাস কৰিছিলো যে অসমীয়া ভাষাত এখন বিশ্ব মানৰ চিনেমা নিৰ্মাণ কৰিছো। আমাৰ আৱেগে ভৌগোলিক সীমাক অগ্ৰাহ্য কৰে। হাঁহিবলৈ-কান্দিবলৈ আমাক কোনো ভাষাৰ প্ৰয়োজন নাই ।" কেলিফ'ৰ্নিয়াৰ চিনে গ্ৰেণ্ড চিনেমা ফ্ৰেমন্টত চিনেমাখনৰ চাৰিটা দৰ্শনী হয়। ভিক্টৰ বেনাৰ্জী,নকুল বৈদ্য,নিপন গোস্বামী,নিকুমণি বৰুৱায়ো অভিনয় কৰিছে । মুম্বাইৰ 'ইণ্ডিয়া ষ্ট'ৰিজ'ৰ বেনাৰত নিৰ্মিত চিনেমাখনৰ সহ:প্ৰযোজনা পৰিচালক কটকীৰ ধ্ৰুৱ ক্ৰিয়েক্টিভ প্ৰডাকচন আৰু আমেৰিকাৰ কুৰমাছানা ক্ৰিয়েটছৰ। অসমত চিনেমাখনক তেনেদৰে গ্ৰহণ কৰা নহ'ল যদিও বিশ্ব‌ই গ্ৰহণ কৰিলে। কলাক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত আমোল পালেকাৰে উচিতভাৱেই কৈছে যে অসমীয়া চিনেমাৰ পৰা সূচনা হ'ব পাৰে ভাৰতীয় চলচ্চিত্ৰৰ নতুন যুগৰ ।

Your Comments