জুৰীয়াৰ পৰা উত্তম বৰা
নগাঁৱৰ কলঙৰ বাকৰিত অনুষ্ঠিত ১০৬সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সামৰণিৰ নিশা অনুষ্ঠিত মুকলি সভাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথক প্ৰদান কৰা হয় 'কলংপৰীয়া বিহুৱা ৰত্ন' উপাধি৷
"কলংপৰীয়া বিহুৱা কণ্ঠ" কৃষ্ণমণি নাথক "কলংপৰীয়া বিহুৱা ৰত্ন" উপাধি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসমীয়া ছবি জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস, বিশিষ্ট সাহিত্যিক ডঃ জয়ন্ত বিশ্ব শৰ্মা, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, যজ্ঞ বেজবৰুৱাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তি আৰু ভালেসংখ্যক ৰাইজ।
উল্লেখ্য যে ১৯৮৬ চনৰ পৰা শিল্পীগৰাকীয়ে বিহুগীত, আধুনিক গীতৰ লগতে ভাগৱত পাঠ আদি এলবামত কণ্ঠদান কৰি অসমৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে জুৰীয়া সাৰ্বজনীন ৰঙালী বিহু উৎসৱ উদ্যাপন সমিতি আৰু ৰূপহীহাট মিডিয়া চেলে পূৰ্বে শিল্পী কৃষ্ণমণি নাথক প্ৰথমে প্ৰদান কৰিছিল "কলংপৰীয়া বিহুৱা কণ্ঠ" উপাধি৷
- Log in to post comments
- 24 views