কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক সম্পূৰ্ণ সাংবিধানিক সা-সুবিধাসহকাৰে জনজাতিকৰণৰ দাবী জনাইছে সদৌ অসম কোচ ৰাজবংশী যুব-ছাত্ৰ সন্মিলনীয়ে৷ এক প্ৰেছ বিবৃতিত সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে জনজাতিকৰণৰ বিষয়ত বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলিছে আৰু এবছুকে ধৰি বিভিন্ন দল-সংগঠনে এই ষড়যন্ত্ৰ চলাইছে বুলি অভিযোগ কৰে৷
লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত বিভিন্ন পক্ষই বিৰোধিতা কৰা প্ৰসংগত অসমৰ প্ৰতিটো বিষয়তে সৰৱ ভূমিকা লোৱা আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমৰ খিলঞ্জীয়া ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে কেইটামান সংগঠনে চলোৱা ষড়যন্ত্ৰ দেখিও নিৰৱে থকা কথাটো জাতীয় দায়িত্ব নুবুজায় বুলি মন্তব্য কৰে৷ একেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক বঙাইগাঁও গান্ধী ময়দানত অনুষ্ঠিত এখন সভাত কোচ ৰাজবংশী ৰাইজক কোচ ৰাজবংশীৰ জনজাতিকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায়-সহযোগ আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি জনজাতিকৰণৰ বিৰোধ কৰাসকলৰ বিৰুদ্ধে সৰৱ হোৱাৰ আহ্বান জনায়৷
নেতাদ্বয়ে অহা ২৪ জানুৱাৰীত জনজাতিকৰণৰ দাবীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া জনগোষ্ঠীয় ঐক্যমঞ্চৰ ধৰ্ণা কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰে৷ লগতে বিবৃতিটোত জনজাতিকৰণৰ মৰ্যাদা যদি অনতিপলমে প্ৰদান নকৰে তেতিয়াহ'লে অহা ১৩ ফেব্ৰুৱাৰীত বঙাইগাঁৱত এক সমাবেশৰ জৰিয়তে বিজেপিবিৰোধী অভিযান আৰম্ভ কৰিব বুলিও নেতাদ্বয়ে উল্লেখ কৰে৷
- Log in to post comments
- 68 views