ভোগালী বিহু শেষ হ'ল যদিও বিহুৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইত নিৰ্মাণ কৰা প্ৰতীকী একাংশ ভেলাঘৰ এতিয়াও ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈয়ে আছে৷ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ দুমুনিচকীৰ চমুৱাপাৰাতো টাইটানিকৰ আৰ্হিত নিৰ্মাণ কৰা এটা ভেলাঘৰে এতিয়াও বহুলোকক দৰ্শনৰ বাবে হাত বাউলি মাতি আছে৷
জানিব পৰামতে, অঞ্চলটোৰ এজন উদ্যমী যুৱক জিটুল চমুৱাৰ উদ্যোগত আৰু অঞ্চলবাসীৰ সহযোগত প্ৰায় এমাহজোৰা প্ৰস্তুতিৰ অন্তত নিৰ্মাণ হৈ উঠে এই সুদৃশ্য ভেলাঘৰটো৷ দীঘলে প্ৰায় ৬৩ ফুট দীঘল, ১৭ ফুট বহল আৰু ৩০ ফুট উচ্চতাৰ দুমহলীয়া এই টাইটানিক সদৃশ ভেলাঘৰটো নিৰ্মাণত ব্যৱহাৰ হৈছে সৰ্বমুঠ ৪৮ডাল তামোল, ৬৩ডাল বাঁহ আৰু বৃহৎ পৰিমাণৰ ধানখেৰ আৰু নৰা৷
জানিব পৰামতে, বিভিন্ন অঞ্চলৰ পৰা ভেলাঘৰটো প্ৰত্যক্ষ কৰিবলৈ অহা দৰ্শকৰ বাবে এতিয়াও জ্বলোৱা হোৱা নাই এই আকৰ্ষণীয় ভেলাঘৰটো৷ পুৱাৰে পৰা সন্ধিয়ালৈ ভেলাঘৰটো দৰ্শনৰ বাবে সোঁত বৈ আছে দৰ্শকৰ৷
অহা ২৬ জানুৱাৰীত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি ভেলাঘৰটো জ্বলাব বুলি জানিবলৈ দিছে চমুৱাপাৰাৰ ৰাইজে৷
- Log in to post comments
- 8 views