পাহৰণিৰ গৰ্ভত বিলীন হৈ যাব ধৰা আপুৰুগীয়া সংস্কৃতি "ক'লীবুঢ়ী নৃত্য"

w

#কলিয়াবৰৰ পৰা #প্ৰদীপ লস্কৰ
কলিয়াবৰৰ সাংস্কৃতিক পথাৰখনে অসমৰ ইতিহাসত এক বিশেষ স্থান গ্ৰহণ কৰি আহিছে। ইয়াৰ বাৰেবৰণীয়া বিচিত্ৰ উপাদান আৰু অনুষ্ঠানেৰে সমৃদ্ধ সাংস্কৃতিক ক্ষেত্ৰখনৰ এটা উল্লেখযোগ্য অনুষ্ঠান হ'ল "ক'লী বুঢ়ী নৃত্য"। কলিয়াবৰৰ সোণাৰি কামাখ্যা গাঁৱত পৰম্পৰাগতভাৱে মহিলাসকলৰ মাজত  মাঘ বিহুৰ সময়ত খৰা গড়ৰ মূৰত অৰ্থাৎ সোণাৰি, কামাখ্যা আৰু বৰভকতি পথাৰৰ মাজত চলি অহা এই লোকনৃত্যই এক ঐতিহ্য বহন কৰি আহিছে। এই নৃত্যৰ এক বিশেষত্ব হ'ল যে ইয়াত পুৰুষৰ প্ৰৱেশ নিষেধ আছিল।  

আজিৰে পৰা ৫০-৬০ বছৰৰ আগলৈকে  কোনো লোকে গোপনে যদি বিহু চাবলৈ গৈছিল, সমাজত বা গাঁৱৰ ৰাইজৰ আগত ন্যূনতম জৰিমনা আদায় দিব লাগিছিল। প্ৰতি বছৰে মাঘ বিহুৰ হাৰলি ঘৰ পোৰাৰ দিনা ভাটীবেলা অনুষ্ঠিত হয় এই নৃত্য। অন্য বিহুৰ লগত সম্পৰ্ক দেখা নেযায় যদিও নৃত্য আৰু গীতৰ ক্ষেত্ৰত কিছু সাদৃশ্য দেখা পোৱা যায়।

q

ৰে'লৰ আলিৰ সিপাৰে পথাৰত সাতখেল সোণাৰিৰ হাজাৰৰ সভা বহে আৰু ইপাৰত গাঁৱৰ ফালে গহগুৰি বা হোকোৰাগুৰি নামে ঠাইত গোপিনীসকলে ক'লীবুঢ়ী নৃত্য কৰি আনন্দ কৰে। এই ক'লীবুঢ়ী নৃত্যৰ এক সুকীয়া আকৰ্ষণ আছিল। গীত-নৃত্যবোৰত প্ৰেমৰ গোন্ধ আছিল আৰু প্ৰেমৰ পৱিত্ৰতা বিৰাজমান আছিল। 

সেই সময়ত ক'লীবুঢ়ীয়ে গোৱা গীত এনেধৰণৰ-
 
ন পানী বাঢ়িলে,  ঢেৰেকনি মাৰিলে
, চাহাবে জুলুকি বায়
চাহাবনীৰ ভৰিতে, শিঙিয়ে বিন্ধিলে, চাহাব চেলেকি চায়।

ক'লীবুঢ়ী নৃত্য-গীতত প্ৰেম, ভালপোৱাৰ গোন্ধ যিধৰণে পোৱা যায়, ঠিক তেনেধৰণে প্ৰকৃতি, পশু-পক্ষীৰ প্ৰেমৰ ৰস-আনন্দৰ এক শীতল ধাৰা এনেধৰণে পৰিস্ফূত হয়-
 
লাওলৈ বুলি মই , হেন্দালি দিছিলো, বগালে ৰঙা পূৰৈ

মালৈ বুলিহে,  বঞ্চিত আছিলো
, সিয়ো হ'ল বহু দূৰৈ।
ৰৈ ৰৈ মাতিলে, চুঙাৰে বাদুলি
,  ৰৈ ৰৈ মাতিলে জীয়া

ৰৈ ৰৈ মাতিলে ,  আমাৰ ক'লীবুঢ়ী, হাতত চুঙাদিয়া পিঠা।

বৰ্তমান পহৰণিৰ গৰ্ভত বিলীন হৈ যাব ধৰা এই আপুৰুগীয়া প্ৰাচীন সংস্কৃতি পুনৰ উদ্ধাৰ কৰাৰ উদ্দেশ্যে মানুহৰ মাজত "ক'লীবুঢ়ী নৃত্য" প্ৰদৰ্শনৰ এই ধাৰাক উত্তৰসুৰীসকলে অব্যাহত ৰাখিব লাগিব।

Your Comments