জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সন্মিলিত প্ৰতিবাদৰ আহ্বান জুবিন গাৰ্গৰ 

s

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে৷ বুধবাৰে মৰিগাঁও জিলাৰ আঁহতগুৰিৰ এক সাংস্কৃতিক অনুষ্ঠানত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সৰৱ হয় কণ্ঠশিল্পীগৰাকী৷ জুবিনে ৰাইজক সন্মিলিত প্ৰতিবাদৰ বাবে আহ্বান জনায়৷

প্ৰতিবাদ কৰোঁতে প্ৰথমটো গুলী তেওঁ নিজে বুকু পাতি ল'ব বুলি জনতাৰ আগত মন্তব্য কৰে৷ লগতে উল্লেখ কৰে- ৰাইজক ফাল্টু বুলি ভাবিছে নেকি চৰকাৰে৷ উল্লেখ্য যে বুধবাৰে জুবিন গাৰ্গে সদৌ অসম ছাত্ৰ সন্থাৰ ছহিদ ন্যাস ভৱনত 'আছু'ৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি নেতৃবৰ্গক সাক্ষাৎ কৰি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অধিক শক্তিশালী কৰাত সহমত পোষণ কৰে৷ ২৩ জানুৱাৰীত গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ জাতিধ্বংসী বিধেয়ক বিৰোধী 'বজ্ৰনিনাদ' কাৰ্যসূচীত অংশগ্ৰহণ কৰিব জুবিন গাৰ্গে৷
 

Your Comments