'ৰূপান্তৰেহে মাথোঁ
জগত ধুনীয়া কৰে
এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ৷'
আজি শিল্পী দিৱস৷ 'ৰূপান্তৰ'ৰ শিল্পী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু দিৱস৷ অসমৰ বিভিন্ন প্ৰান্তত আজি সংস্কৃতিবান, সমাজ সচেতন নাগৰিক সমাজে স্মৰণ কৰিছে ৰূপান্তৰৰ শিল্পীক৷ 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬'ক লৈ যেতিয়া অসমৰ সৰ্বস্তৰৰ ৰাইজ প্ৰতিবাদমুখৰ হৈ আছে, সেই সময়ত শিল্পী দিৱস পালনে বিশেষ তাৎপৰ্য কঢ়িয়াই আনিছে৷
জাতিধ্বংসী বিধেয়কে যেতিয়া অসমীয়া ভাষা-সংস্কৃতিৰ চিৰপ্ৰৱাহমান গতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, সেই সময়তে শিল্পী দিৱস পালনত অসমীয়া সচেতন জনতাই অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ যুঁজত অধিক দৃঢ়তৰ হোৱাৰ সংকল্প গ্ৰহণ কৰিছে৷ আজি পুৱাৰে পৰা উজনিৰ পৰা নামনিলৈ ৰূপকোঁৱৰৰ গীত-সংগীত, অসমীয়া সাহিত্য-সংস্কৃতিলৈ তেওঁৰ অৱদান সন্দৰ্ভত চৰ্চা কৰিছে জাতিপ্ৰেমী অসমীয়াই৷
জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত-সংগীত সন্দৰ্ভত অসমীয়া যুৱ প্ৰজন্মৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ বিভিন্ন অনুষ্ঠানত বিদ্যাৰ্থীৰ মাজত ৰূপকোঁৱৰৰ গীত-সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে৷ ঢেকীয়াজুলিৰ গাভৰু নৈৰ পাৰত ৰূপকোঁৱৰৰ প্ৰতি ব্যতিক্ৰমীভাৱে শ্ৰদ্ধা নিবেদন কৰে একাংশ শিল্পীয়ে৷ গাভৰু নৈৰ বালিত ৰূপকোঁৱৰৰ মুখাবয়ৱ নিৰ্মাণেৰে অপূৰ্ব বলুকা শিল্পৰে জ্যোতিপ্ৰসাদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়৷
- Log in to post comments
- 298 views