উৰুকাৰ পুৱা গুৱাহাটীৰ উজান বজাৰৰ লুইত কাষৰীয়া ঐতিহাসিক মাছ বজাৰত প্ৰত্যক্ষ কৰা হ'ল জনসমুদ্ৰ৷ উৰুকাৰ নিশা পৰিয়ালৰ সৈতে, বন্ধুবৰ্গৰ সৈতে লগে-ভাগে এসাঁজ আমিষ ভোজন কৰাৰ উদ্দেশ্যেৰে মাছ ক্ৰয়ৰ বাবে আজি পুৱা উজান বজাৰত সমবেত হয় বহু মহানগৰবাসী৷ হাড় কপোৱা শীতক আওকাণ কৰি মাছ বজাৰত পুৱতি নিশাৰ পৰাই মৎস্য বিক্ৰীৰ বাবে প্ৰস্তুত হৈছিল বিক্ৰেতাসকল৷ ভোগালী বিহুৰ উৰুকাত পৰম্পৰাগতভাৱে মাছ ক্ৰয়-বিক্ৰয় হোৱা এই বজাৰত পোহৰ হোৱাৰ পৰাই গ্ৰাহকৰ খদমদম লাগিছিল৷ কি মাছ নাছিল বজাৰখনত?
বিক্ৰেতাই বিক্ৰীৰ বাবে সাজু কৰি ৰাখিছিল ঢপলিয়াই থকা ৰৌ, চিতল, ভকুৱা, শিলঘৰীয়া, বৰালীকে ধৰি বিভিন্ন প্ৰকাৰৰ মাছ৷ গ্ৰাহকৰ বাবে পচন্দৰ মৎস্য নিৰ্বাচনৰ বাবে আছিল অলেখ সুযোগ৷ অৱশ্যে উৰুকাৰ পৰম্পৰাগত বজাৰখনত মৎস্যকুলৰ মূল্যইও উৰ্ধমুখী গতি লৈছিল৷ কিন্তু চৰা দাম হ'লেও উৰুকাত উজান বজাৰত মাছ ক্ৰয় কৰাতো মহানগৰবাসীৰ বাবে ইতিমধ্যেই এটা নিয়মত প্ৰতিষ্ঠিত হৈছে! গতিকে একাংশ ক্ৰেতাই ক্ৰয় কৰি গৈছে ৭০০ টকাৰ কিঃগ্ৰামৰ ভকুৱা, ৮০০ টকীয়া চিতল আৰু উচ্চ মূল্যৰ বিভিন্ন মাছ৷
মাছ কিনি বজাৰত উপস্থিত সাংবাদিকক কৈছে উৰুকাৰ পুৱা উজাৰ বজাৰত মাছ ক্ৰয়ৰ মাদকতাৰ কথা৷ এইবাৰ উজান বজাৰলৈ তেজপুৰ, বিশ্বনাথ চাৰিআলি, হাজো, বৰপেটা, নগাঁও আদি এলেকাৰ পৰা থলুৱা মাছ আহিছে৷ চালানী মাছত ফৰ্মেলিনৰ উপস্থিতিৰ প্ৰমাণ পোৱাৰ পিছত এই ধৰণৰ মাছ ক্ৰয়ৰ পৰা সম্প্ৰতি বহু নাগৰিক আঁতৰি অহাৰ বাবে মাছ বজাৰখনত থলুৱা মাছৰে বিক্ৰী অধিক পৰিলক্ষিত হৈছে৷ এইবাৰ প্ৰায় ৫০০ খুচুৰা বিক্ৰেতাই বজাৰখনত মাছ বিক্ৰী কৰিছে৷
বিগত কেইটামান বছৰত মাছ বজাৰখন খহনীয়াৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ উৰুকাত পূৰ্বতকৈ যথেষ্ট কম পৰিসৰত বজাৰখন পাতিব লগিয়া হৈছে৷ যাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে বিক্ৰেতাসকল৷ গধূলীলৈকে চলিব লগীয়া বজাৰখনত কিছু লাভৰ মুখ দেখি ভোগালী বিহুটো সুন্দৰকৈ পালন কৰাৰ পৰিকল্পনা কৰিছে থলুৱা মৎস্য ব্যবসায়ীসকলে৷
যি কি নহওঁক, উজান বজাৰৰ ২০০ বছৰ পুৰণি মাছৰ বজাৰখনত প্ৰত্যক্ষ কৰা হৈছে মহানগৰবাসীৰ ভোগালীৰ উছাহৰ৷ বিগত বৰ্ষবোৰৰ দৰেই মাছ বজাৰখনে প্ৰতিনিধিত্ব কৰিলে ভোগালী বিহুৰ ভোগৰ আনন্দক৷
by ৰাজকমল চাংকাকতি
- Log in to post comments
- 29 views