নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত পুনৰ সৰৱ হৈ পৰিছে জুবিন গাৰ্গ। উল্লেখ্য যে জাতিধ্বংসী বিধেয়কখন প্ৰসংগত মুখ্য মন্ত্ৰীৰ স্পষ্টীকৰণ বিচাৰি ৭ দিনৰ সময়সীমা দি এখন পত্ৰ লিখিছিল৷ সৰ্বানন্দ সোণোৱাললৈ লিখা পত্ৰৰ উত্তৰ নাপাই এতিয়া মুখ্য মন্ত্ৰীৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে জুবিন। এই সম্পৰ্কত তেওঁ টুইটাৰত মন্তব্য প্ৰকাশ কৰিছে৷

টুইটাৰত জুবিনে মুখ্য মন্ত্ৰীলৈ লিখা পত্ৰৰ উত্তৰ এতিয়ালৈকে কিয় পোৱা নাই বুলি প্ৰশ্ন কৰে। ক'লা পতাকা গণি থাকোতে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সময় পোৱা নোই নেকি বুলিও তেওঁ মুখ্য মন্ত্ৰীক কটাক্ষ কৰে৷ আনহাতে, ২০১৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে প্ৰচাৰত ব্যৱহাৰ কৰা গানটোত কণ্ঠ দিয়া প্ৰসংগ উল্লেখ কৰি জুবিনে তেওঁৰ গানেৰে খোজা ভোট ওভতাই দিবলৈ মুখ্য মন্ত্ৰীক আহ্বান জনায়৷ লগতে নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে ব্যৱহাৰ কৰা গীত গাই পোৱা ধন ঘূৰাই দিব বুলিও টুইটাৰত উল্লেখ কৰে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে।
- Log in to post comments
- 315 views
