লাড়ু-পিঠাৰ পিছত এইবাৰ গুৱাহাটী মহানগৰীলৈ বিক্ৰীৰ বাবে আহিছে মেজি৷ আগন্তুক ভোগালী বিহুৰ লগত সংগতি ৰাখি মহানাগৰিকৰ সুবিধা হোৱাকৈ দাঙি নি নিজৰ ঘৰৰ চৌহদত স্থাপন কৰিব পৰাকৈ সাজি উলিওৱা হৈছে এই মেজিসমূহ৷ মৰিগাঁৱৰ ভদ্ৰেশ্বৰ ডেকা নামৰ যুৱকজনৰ প্ৰচেষ্টাত গুৱাহাটীৰ বজাৰত উপলব্ধ হোৱা
এই মেজিসমূহৰ তেওঁ প্ৰতিটোৰে মূল্য ১২০০ টকা নিৰ্ধাৰণ কৰিছে যদিও তেওঁ ১০০০, ৮০০, ৬০০ আদি বিভিন্ন মূল্যত তেওঁ গ্ৰাহকলৈ এৰি দিছে৷ মুঠতে কংক্ৰীটৰ মহানগৰীত এতিয়া মেজিৰ উত্তাপ ল'ব বিচাৰিলে কোনো চিন্তা নকৰাকৈয়ে মহানগৰীৰ চানমাৰিলৈ আহিব পাৰে মহানগৰবাসী৷
- Log in to post comments
- 33 views