মৰিগাঁৱৰ পৰা জিতুমণি নাথ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত প্ৰতিবাদৰ জুই অব্যাহত থকাৰ সময়তে মৰিগাঁও জিলা সাংবাদিক সংস্থাই আজি জিলা কাৰ্যালয়ত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ সংবাদকৰ্মীসকলে অংশগ্ৰহণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি সংবাদকৰ্মীসকলে এই বিধেয়কখনে অসম আৰু অসমীয়াৰ অস্তিত্বৰ সংকট নমাই আনিব বুলি মন্তব্য কৰে। ৰাজ্যখনৰ সৰ্বস্তৰতে সৃষ্টি হোৱা এই প্ৰতিবাদক মৰিগাঁও জিলা সাংবাদিক সংস্থাই পূৰ্ণ সমৰ্থন জনাই ৰাইজৰ পক্ষত থাকি খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত এই আন্দোলন আগবাঢ়াই নিব বুলি বক্তাসকলে মন্তব্য কৰে।
মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথে আঁতধৰা প্ৰতিবাদী কাৰ্যসূচীটোত সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, মানৱ অধিকাৰ কৰ্মী তথা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামী, লাহৰীঘাট সাংবাদিক সংস্থাৰ সভাপতি প্ৰদীপ ডেকাই বক্তব্য ৰখা প্ৰতিবাদী কাৰ্যসূচীত সংস্থাৰ প্ৰাক্তন সভাপতি জগদীশ নাথ, প্ৰাক্তন সম্পাদক অজিত শৰ্মা, গুলজাৰিলাল শৰ্মা, সাংবাদিক ৰিতুমণি মহন্ত, মিতালী দেৱী, আবুল কালাম, প্ৰাঞ্জল দাস,ৰাতুল ডেকাকে আদি কৰি ভালেসংখ্যক সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 23 views