অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাই সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে৷ এক প্ৰেছ বিবৃতিত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰূপম নাথে কয় যে অসম আন্দোলনৰ ছহিদৰ ত্যাগক উপলুঙা কৰি অসমৰ খিলঞ্জীয়া ৰাইজৰ আৱেগ-অনুভূতি আৰু যুক্তিক কোনো গুৰুত্ব আৰোপ নকৰি অসমৰ ক্ষুদ্ৰ-বৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিক নিঃশেষ কৰিব পৰা এই জাতিধ্বংসী বিধেয়ক আমি কোনো মূল্যৰ বিনিময়তেই গৃহীত হ'ব নিদিওঁ৷
কাৰণ এই জাতিধ্বংসী বিধেয়ক গৃহীত হ'লে অসমৰ খিলঞ্জীয়া জনগণৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে ছাত্ৰই বুজি উঠা উচিত বুলি কয়৷ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই বিধেয়কখন বলপূৰ্বকভাৱে অসমৰ জনগণৰ ওপৰত জাপি দিলে পৰৱৰ্তী সময়ত বীৰঝৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাই তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও কয়৷
- Log in to post comments
- 22 views