অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আজি পুৱাৰে পৰা আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ বঙাইগাঁৱত মিশ্ৰিত আছিল৷ বন্ধৰ সময়ত চহৰখনৰ আধাসংখ্যক দোকান-পোহাৰ আদি বন্ধ থাকে৷ সেইদৰে যান-বাহনৰ চলাচলো বন্ধ থাকে যদিও লঘু বাহনৰ চলাচল অব্যাহত থাকে৷ উল্লেখ্য যে বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দোকানৰ গৰাকীয়ে কোনে বন্ধ দিলে আৰু কিহৰ কাৰণে বন্ধৰ আহ্বান দিছে একোকে নাজানিয়েই বন্ধ ৰাখিলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান৷
আন বহুতে আকৌ ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বন্ধৰ কথা শুনিয়েই বন্ধ ৰাখিলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান৷ বন্ধৰ প্ৰভাৱ উত্তৰ বঙাইগাঁৱৰ দিশে অধিক পৰা পৰিলক্ষিত হয়৷ কাৰণ চিৰাং জিলা নিচেই ওচৰত হোৱাৰ বাবে সেই দিশৰ দোকান-পোহাৰসমূহ বন্ধ ৰাখে ব্যৱসায়ীসকলে৷ একাংশ ব্যৱসায়ীয়ে আকৌ আক্ৰাছুৰ বন্ধ বুলিহে ভাবিলে৷ এইদৰেই মিশ্ৰিত ৰূপত বঙাইগাঁৱতো বন্ধ পালিত হ'ল৷
- Log in to post comments
- 6 views