বিহাৰত বিজেপিৰ বাবে নীতিশ ‘দাদা’

বিহাৰত বিজেপিৰ বাবে নীতিশ ‘দাদা’

বিজেপিৰ সভাপতি অমিত শ্বাহৰ সদ্য বিহাৰ ভ্ৰমণৰ পিছত বিহাৰৰ ৰাজনৈতিক পৰিস্থিতি ক্ৰমে পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিছে। বিহাৰৰ ৰাজনীতিত বিজেপিয়ে নিজকে অভিভাৱক হিচাপে থিয় কৰাইছিল যদিও অমিত শ্বাহৰ বিহাৰ ভ্ৰমণৰ পিছত নীতিশ কুমাৰৰ জে ডি (ইউ)ক বিজেপিয়ে ‘জ্যেষ্ঠ দাদা’ হিচাপে হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ২০১৪ৰ নিৰ্বাচনৰ তথ্যৰ ওপৰত বিজেপিয়ে আসনৰ কথা চিন্তা কৰিছিল যদিও জে ডি (ইউ)য়ে ২০১৫ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত আসন ভগাই লোৱাটো বিচাৰে।

বিহাৰত বিজেপিৰ বাবে নীতিশ ‘দাদা’

বিজেপিয়ে জে ডি (ইউ)ক জোঁট বন্ধনৰ ভিতৰত থকাটো বিচাৰে। বিজেপিৰ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে নীতিশ কুমাৰ অবিহনে বিহাৰত বিজেপিয়ে পূৰ্বৰ দৰে লোকসভাত খোপনি পুতিব নোৱাৰে। বিজেপিয়ে বিহাৰত নীতিশ কুমাৰক দাদা হিচাপে গ্ৰহণ কৰি ৰাজনীতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে নীতিশ কুমাৰে এতিয়াও নিজস্ব সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে।

Your Comments