সম্প্ৰতি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰোধিতা কৰি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বঙাইগাঁও চহৰৰ ডাংতল অঞ্চলৰ তিনিজন যুৱকে সামাজিক মাধ্যম ৱাটচাপত অসম, অসমীয়া আৰু ছহিদ বেদীকলৈ তুচ্ছ-তাচিল্য কৰি কেতবোৰ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰঙা ঘৰৰ ভাত খাবলগীয়া হ'ল ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ডাংতল অঞ্চলৰ এজন যুৱকে বিদ্যালয়ত পঢ়ি থকা দিনৰ পুৰণি সতীৰ্থসকলৰ লগত সম্পৰ্ক ৰখাৰ উদ্দেশ্যৰে 'ৱাটচাপ এপ স্কুল' নামৰ এটা সতীৰ্থ গ্ৰুপ খুলিছিল ৷
গ্ৰুপটোত সতীৰ্থসকলে বিভিন্ন বিষয়ক লৈ আলোচনা কৰে ৷ কিন্তু শেহতীয়াকৈ এক আলোচনাত নাগৰিকত্ব বিধেয়ক সম্পৰ্কতো গ্ৰুপটোৰ সতীৰ্থসকলৰ মাজত চৰ্চা হৈছিল ৷ বিভিন্ন সম্প্ৰদায়ৰ যুৱক থকা গ্ৰুপটোত ডাংতল নিবাসী অনিমেষ বিশ্বাস(২৯), প্ৰবীণ সূত্ৰধৰ(২৬) আৰু প্ৰিয়ব্ৰত দেৱনাথে (২৬) অসম আৰু অসমীয়া জাতিৰ আবেগ - অনুভূতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ জাতীয় ছহিদৰ ছহিদ বেদীক লৈ উপলুঙা কৰি নানা কুৰুচিপূৰ্ণ মন্তব্য কৰাত গ্ৰুপটোত থকা অসমীয়া যুৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷
বাৰ্তাসমূহ সামাজিক মাধ্যমতো বিয়পি পৰে আৰু অসম, অসমীয়া আৰু ছহিদ বেদীকলৈ কৰা এনে গৰ্হিত মন্তব্যক লৈ আছু কৰ্মীসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ পিচত বুধবাৰে নিউ বঙাইগাঁও শাখা ছাত্ৰ সন্থাই অসমীয়া জাতিৰ স্বাভিমানক আঘাত হনা এনে মন্তব্য কৰা তিনি যুৱকৰ বিৰুদ্ধে নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে ৷
আছুৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আই টি এক্টৰ অধীনত এক গোচৰ ৰুজু কৰি বুধবাৰে সন্ধিয়াৰ ভাগত তিনিওজন যুৱককে আটক কৰি থানালৈ আনে ৷ পিচত বৃহস্পতিবাৰে আৰক্ষীয়ে যুৱককেইজনক বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে তিনিওজন যুৱককে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
- Log in to post comments
- 584 views