ৰাজ্য চৰকাৰলৈ ঘূৰাই দিব ছহিদ পৰিয়ালৰ সন্মান 

ৈ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-এ অপমান কৰিছে ৰাজ্য ছহিদসকলক । এই দাবী জাতীয় ছহিদ সমন্বয় ৰক্ষী সমিতিৰ। ২০১৬ চনত ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱাল চৰকাৰে ৰাজ্যৰ ছহিদ পৰিয়ালক দিয়া সন্মান ওভোটাই দিব অসম চৰকাৰক। এই কথা জানিবলৈ দিয়ে জাতীয় ছহিদ সমন্বয় ৰক্ষী সমিতিয়ে। ৩১জানুৱাৰী ভিতৰত প্ৰতিটো ছহিদ পৰিয়ালে ৰাজ্য উপায়ুক্ত জৰিয়তে ঘূৰাই দিব অসম চৰকাৰলৈ । কাৰণ তেওঁলোকৰ এটাই দাবি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬-এ অপমান কৰিছে ৰাজ্য ছহিদসকলক। সেয়েহে আমাক তেনে চৰকাৰৰ বঁটা নালাগে।

Your Comments