এইবাৰৰ ভোগালী বিহু ‘জাতীয় চেতনাৰ উন্মেষৰ উৎসৱ’ হিচাপে পালন কৰিবলৈ আহ্বান আলফাৰ

এইবাৰৰ ভোগালী বিহু ‘জাতীয় চেতনাৰ উন্মেষৰ উৎসৱ’ হিচাপে পালন কৰিবলৈ আহ্বান আলফাৰ

অসমৰ থলগিৰি ৰাইজে এইবাৰৰ ভোগালী বিহুটি কেৱল ৰং-ৰহইচৰ উৎসৱ হিচাপে ন'লৈ ‘জাতীয় চেতনাৰ উন্মেষৰ উৎসৱ’ হিচাপে পালন কৰিবলৈ সচেতন অসমবাসীলৈ মুকলি আহ্বান জনাইছে আলফা (স্বা)ৰ সভাপতি অভিজিৎ অসমে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেথ বিবৃতিত এই কথা প্ৰকাশ৷ প্ৰেছ বিবৃতিটোত সংযুক্ত মুক্তি বাহিনী অসম (স্বা)-এ এইবুলিও উল্লেখ কৰিছে যে
ভাৰতীয় দখলদাবীত্বই অসম তথা পশ্চিম দক্ষিণ-পূব এছিয়াত আজি চৰম সীমা অতিক্ৰম কৰিছে। থলগিৰি ৰাইজৰ সকলো শ্ৰেণীৰ মাজত স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰ স্পৃহাই বিকশিত ৰূপ ধাৰণ কৰিছে।

এইবাৰৰ ভোগালী বিহু ‘জাতীয় চেতনাৰ উন্মেষৰ উৎসৱ’ হিচাপে পালন কৰিবলৈ আহ্বান আলফাৰ

সকলোতে দখলদাৰীবিৰোধী প্ৰতিবাদ হৈছে। চুবুৰীয়া ত্ৰিপুৰাত ৫গৰাকী খিলঞ্জীয়া প্ৰতিবাদকাৰীক দখলদাৰী বাহিনীয়ে নিৰ্মমভাৱে গুলীয়াই আহত কৰিছে। এতিয়া একতা তথা সহমৰ্মিতা প্ৰদৰ্শনৰ সময়, কেৱল উৎসৱ উদ্‌যাপনৰ নহয়৷ গতিকে বিজতৰীয়া ভাৰতীয় সংস্কৃতিৰ সলনি গণচেতনাৰ উন্মেষকাৰী গীত-নৃত্যৰ মাজেৰে অসমৰ সমূহ থলগিৰি প্ৰতিবাদী আৰু সংগ্ৰামী জনতাৰ মনোবল বৃদ্ধি কৰাতো এইবাৰ ভোগালীয়েই হওক অফুৰন্ত অনুপ্ৰেৰণাৰ উৎস৷

Your Comments