ডঃ হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰৰ প্ৰতিবাদ এআইএছএফৰ

 ডঃ হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰৰ প্ৰতিবাদ এআইএছএফৰ

নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনৰ গুৰি ধৰোঁতা, বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইৰ ওপৰত ষড়যন্ত্ৰমূলকভাৱে সৰ্বানন্দ সোণোৱালৰ অধীনস্থ গৃহ বিভাগৰ আৰক্ষীয়ে দেশদ্ৰোহিতাৰ গোচৰ তৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক পৰিষদে। ডঃ গোহাঁয়ে আজীৱন অসমৰ স্বাৰ্থৰ হকে মাত মাতি আহিছে আৰু বৰ্তমানো জাতিধ্বংসী বিধেয়কবিৰোধী আন্দোলনৰ পথ প্ৰদৰ্শক হোৱাৰ বাবেই জাতিদ্ৰোহী বিজেপি চৰকাৰে তেওঁৰ বিৰুদ্ধে এই গোচৰ তৰিছে বুলি অভিযোগ কৰে সংগঠনটোৱে।

আনহাতে, বিধেয়কবিৰোধী আন্দোলনটো আৰু ডঃ গোহাঁইৰ বিৰুদ্ধে গোচৰ তৰা কাৰ্যৰ প্ৰতিক্ৰিয়াস্বৰূপে হ'ব পৰা প্ৰতিবাদক বাধা দিবৰ বাবে গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰা কাৰ্যক স্বৈৰতান্ত্ৰিক কাৰ্য বুলি অভিহিত কৰি এআইএছএফে কয় যে ফেচিবাদী চৰকাৰে ইয়াৰ দ্বাৰা প্ৰতিবাদী জনতাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। ডঃ গোহাঁইৰ লগতে বিধেয়কবিৰোধী আন্দোলনৰ আন দুজন নেতা অখিল গগৈ আৰু মনজিৎ মহন্তৰ বিৰুদ্ধে তৰা দেশদ্ৰোহিতাৰ গোচৰ শীঘ্ৰে উঠাই লোৱাৰ দাবী জনায় সংগঠনটোৱে।

অন্যথা তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দি এআইএছএফে বিধেয়কবিৰোধী সমূহ দল-সংগঠন তথা জনসাধাৰণক গোচৰ উঠাই নোলোৱা পৰ্যন্ত প্ৰতিবাদ কৰি যাবলৈ আহ্বান জনায়। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা জনাইছে সংগঠনটোৰ সভাপতি মানস বৰাই৷

Your Comments