নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জ্বলি আছে প্ৰতিবাদৰ জুই৷ বিভিন্ন দল-সংগঠনৰ লগতে শেহতীয়াভাৱে প্ৰতিবাদত নামিছে ৰাজ্যখনৰ ছাত্ৰ সমাজো৷ বিভিন্ন শ্ৰেণীৰ নাগৰিক তথা সচেতন সমাজেও বিৰোধিতা কৰিছে এই বিধেয়কৰ৷ আনকি খোদ বিজেপি দলৰ পৰাও আহিছে প্ৰতিবাদৰ ভাষ্য৷ দল ত্যাগ কৰিছে ইতিমধ্যে বহুজনে৷ ৰাজ্যৰ এই সন্ধিক্ষণত জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি এইবাৰ প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাই৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে সন্থাটোৱে৷ কনিষ্ঠ চিকিৎসক সন্থাৰ প্ৰেছ বিবৃতিটো হুবহু দাঙি ধৰা হ'ল :
"আজি ইংৰাজী ৯-০১-২০১৯ তাৰিখে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ উত্থাপনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত উদ্ভৱ হোৱা পৰিস্থিতিক কেন্দ্ৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সাধাৰণ পৰিষদৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হৈ যায়৷ জাতীয় সংকটৰ এই সন্ধিক্ষণত সভাই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে তাৰ প্ৰতিবাদত জাতীয় সংগ্ৰামৰ অংশীদাৰ হোৱাৰ সিদ্ধান্ত লয়৷ সেইমৰ্মে প্ৰথম কাৰ্যসূচী হিচাপে ১০-১-২০১৯ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সকলো কনিষ্ঠ চিকিৎসকে কৰ্তব্যৰত অৱস্থাত ক'লা বেজ পৰিধান কৰাৰ সিদ্ধান্ত লয়৷ তদুপৰি, ৰোগী আৰু অভিভাৱকসকলক এই প্ৰতিবাদৰ অংশীদাৰ কৰাৰ উদ্দেশ্যে কাইলৈৰ পৰা বহিঃবিভাগত বিধেয়কখনৰ বিৰুদ্ধে তেওঁলোকক সজাগ কৰাৰ বাবে চিকিৎসকসকলে দায়িত্ব লোৱাৰ সিদ্ধান্ত লয়৷ সভাই লগতে সংগ্ৰাম আৰু প্ৰতিবাদৰ মাজত সৰ্বস্তৰৰ সকলো সংগঠন আৰু ব্যক্তিক শান্তি অটুট ৰাখিবলৈও অনুৰোধ জনায়৷
- Log in to post comments
- 35 views