গুৱাহাটীত ১৪৪ ধাৰা : নিষিদ্ধ ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটীত ১৪৪ ধাৰা : নিষিদ্ধ ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী মহানগৰীত জাতিধ্বংসী বিধেয়কবিৰোধী প্ৰতিবাদ কাৰ্যসূচী ৰোধ কৰিবলৈ বদ্ধপৰিকৰ হৈছে বিজেপি চৰকাৰ৷ আজি গুৱাহাটী মহানগৰীত জাৰি কৰা হয় ১৪৪ ধাৰা৷

দিছপুৰ, ভঙাগড়, হাতীগাঁও, বিশষ্ঠ, সোণাপুৰ থানা এলেকাত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ সেই অনুযায়ী মহানগৰীত ৫জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব৷

যিকোনো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰিব, শ্লোগান দিব নোৱাৰিব৷ গুৱাহাটীৰ ডিচিপি (পূব) ডঃ ৰমণদীপ কৌৰৰ প্ৰেছ বিবৃতিত ১৪৪ ধাৰা জাৰি হোৱাৰ বিষয়ে প্ৰকাশ৷

Your Comments